অসম

১ মিনিটত ২৫ খবৰ…

asomiyapratidin

১) ৰাজ্যত আজিও অব্যাহত আছে বান পৰিস্থিতি। বিভিন্ন স্থানত অব্যাহত আছে উদ্ধাৰ অভিযান।

২)অসমৰ বান পৰিস্থিতিলৈ চিন্তিত বলিউড অভিনেতা অৰ্জুন কাপুৰ আৰু নিৰ্দেশক তথা পৰিচালক ৰোহিত চেট্টী। বান সাহায্যৰ বাবে ৫ লাখকৈ টকা আগবঢ়াইছে।

৩)নগাঁও চহৰৰ পানীগাঁও নিবাসী তথা নগাঁও চৰকাৰী শিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা গায়ত্ৰী ভৰালী (৪৩)ৰ শুকুৰবাৰে বিয়লি পাঁচ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

৪)জোনাই বিধানসভা সমষ্টিৰ বিভিন্ন গাঁও অঞ্চলৰ ৰাইজে শোচনীয় যাতায়াত ব্যৱস্থাৰ লগতে এশ এবুৰি জ্বলন্ত সমস্যা মাজত পোত গৈ দুৰ্বিষহ জীৱন নিৰ্বাহ কৰিব লগা হৈছে। শুকুৰবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে স্থানীয় ৰাইজে।

৫)ঘিলামৰাৰ ৯ কোটিৰ গোর্খালি চাপৰিৰ মথাউৰীলৈ ভাবুকি। গাই জীয়া ঢলৰ বিধ্বংসী বানে ইতিমধ্যে তাণ্ডৱ সৃষ্টি কৰিছে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰী ৰাজহ চক্ৰত।

৬)মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা। শুকুৰবাৰে সন্ধিয়াভাগত সংঘটিকত হয় এই পথ দুৰ্ঘটনা।

৭)৬ জুনত গুৱাহাটীৰ আগশাৰীৰ লেপাৰ'স্ক'পিক, বেৰিয়াট্ৰিক আৰু ৰ'বটিক ছাৰ্জন ডা: সুভাষ খান্নাৰ নেতৃত্বত সম্পন্ন হয় এক বিৰল অস্ত্ৰোপচাৰ। খান্নাই ৰ'বটিকল ছাৰ্জাৰীৰ জৰিয়তে এটি ১৩ বছৰীয়া কিশোৰৰ প্লীহাৰ পৰা এটা স্প্লেনিক চিষ্ট আঁতৰ কৰিবলৈ সক্ষম হয়।

৮) দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ বাবে নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাত গোৰেশ্বৰ অঞ্চলৰ কুৰিখনৰো অধিক গাঁও এতিয়া পানীৰ তলত। শুকুৰবাৰে বান পৰিস্থিতিৰ বুজ লয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই।

৯)বিবাহ বিচ্ছেদৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বক্সাৰ লাভলীনা বৰগোঁহাই। ২০১৮ চনত বিবাহ পাশত আৱদ্ধ হৈছিল লাভলীনা।

১০) কৃষ্ণকান্ত সন্দিকৈ কেন্দ্ৰীয় বঁটা আগবঢ়োৱা হৈছে নগাঁৱৰ সাহিত্যিক,গৱেষক ড° নৰেন কলিতাক ৷ শঙ্কৰী কলা সংস্কৃতিৰ গবেষক পণ্ডিত ড° নৰেন কলিতাক ২০ জুনত প্ৰদান কৰা হ'ব এই বঁটা ৷

১১)দেশজুৰি অগ্নিপথ আঁচনিক লৈ তীব্ৰ জংগী আন্দোলন অব্যাহত।সেই সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।অগ্নিপথ আঁচনিত অন্তৰ্ভূক্ত হোৱা অগ্নিবীৰ সকলে অসম আৰক্ষীত লাভ কৰিব চাকৰি।

১২)দেশত অব্যাহত আছে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ যোজনাৰ বিৰুদ্ধে প্ৰতিবাদ। তেলেংগনাত অগ্নিপথ যোজনাৰ বিৰুদ্ধে কৰি থকা প্ৰতিবাদত এজন লোকৰ মৃত্যু হয়।

১৩)দক্ষিণ শালমাৰা মানকাচৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাই বিপদ সীমাৰ প্ৰায় ৩৫ ছেন্টিমিটাৰ ওপৰেদি বানৰ পানী বৈ থকাত নৈপৰীয়া শতাধিক গাঁও জলমগ্ন হৈছে।

১৪)শুকুৰবাৰে নগাঁৱত নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত ৰূপায়িত হ'ল এক প্ৰতিবাদী কাৰ্যসূচী ৷ কেন্দ্ৰীয় চৰকাৰে ৰাহুল গান্ধীক হাৰাশাস্তি কৰা তথা দিল্লীৰ ৰাজীৱ ভৱনত আৰক্ষীৰ অত্যাচাৰৰ অভিযোগ তুলি কংগ্ৰেছ কৰ্মীসকলে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷

১৫)অসমৰ লগতে চুবুৰীয়া মেঘালয়তো অব্যাহত আছে প্ৰৱল বৃষ্টিপাত।এনে ভূমিস্খলন আৰু বানৰ ফলত আজি ৰাজ্যখনৰ ৪ জনকৈ লোকে প্ৰাণ হেৰুৱায়।

১৬)গোৱালপাৰা চহৰৰ হুলুকাণ্ড পাহাৰত নিশা ভয়ানক ভূমিস্খলন:দহটাতকৈ অধিক পৰিয়ালৰ গৃহ বিধ্বস্ত।

১৭)শালবাৰীৰ পকালাগিত মৃত হাতী পোৱালি উদ্ধাৰ । মানাহৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঢ়নী পানীত ভাহি অহা হাতী পোৱালিটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ।

১৮)কেইবাটাও ব্ৰেণ্ডে প্ৰস্তুত কৰা মিঠাতেলৰ মূল্য ১৫ ৰ পৰা ২০ টকা পৰ্যন্ত হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সৰিয়হৰ তেল, ছয়াবিনৰ তেল, সূৰ্যমুখীৰ তেলৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

১৯)অসম-নগালেণ্ডৰ লাহৰিজানৰ টিলাবস্তিৰ পৰা অবৈধ মাৰণাস্ত্ৰসহ দুই যুৱকক আটক কৰে আৰক্ষীয়ে।আটকাধীন দুই যুৱক কাছাৰৰ কাবিল উদ্দিন লস্কৰ আৰু দৰঙৰ মাণিক আলি।

২০)৩০ খন গাঁৱৰ ৫০০ গঞাই শ্ৰমদানেৰে মেৰামতি কৰিলে। চিৰাঙৰ ৰুণীখাতাৰ লাইমুথি গাঁৱৰ বানে উটুৱাই নিয়া কাঠৰ দলং ।

২১)আজি নিশালৈ বোকাখাতৰ ধনশিৰিমুখত বিপদসীমা অতিক্ৰম কৰিব ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই ৷কেন্দ্ৰীয় জল আয়োগৰ বিয়লি ৩ বজাৰ তথ্য মতে সম্প্ৰতি ধনশিৰিমুখৰ জলপৃষ্ঠ বিপদসীমাৰ ০.০৮ মিটাৰ তলত আছে যদিও পানী বাঢ়ি আছে ৷

২২)থাইলেণ্ডত আন্ত:ৰাষ্ট্ৰীয় মুকলি কাৰাটে ডু প্ৰতিযোগিতাত । অংশ ল'ব অসমৰ সহকাৰী আয়ুক্তা ৰীমাই ।

২৩)কোকৰাঝাৰত পুনৰ নাবালিকা নিৰ্যাতনৰ ঘটনা।দোষীক গ্ৰেপ্তাৰৰ দাবী এবিএমছু , আমছু , নেমছু , আৰএমচিৰ । এজাহাৰ দাখিল পৰিয়ালৰ।

২৪)ৰে'ল বিভাগৰ সুৰঙ্গ পথ জলমগ্ন হোৱাত এজন লোক ৰে'লপথৰ ওপৰেৰে যোৱাৰ ফলতদুৰ্ঘটনা। ৰে'লৰ খুন্দাত বামুণীগাঁৱত এজনৰ মৃত্যু।

২৫)বান পৰিস্থিতিৰ মাজতে এইবাৰ মুছলপুৰৰ চিমলাবস্তিত সংঘটিত হ'ল নৃশংস হত্যাকাণ্ড।স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে নিজ পত্নীক। অভিযুক্তৰ নাম দীপক চৌধুৰী।