অসম

মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ মঙলদৈঃ শনিবাৰে আবেলি মঙলদৈত ভৰা নদীৰত পৰি এজনৰ মৃত্যু। এই ঘটনা সংঘটিত হৈছে মঙলদৈৰ জ্যোতি নগৰত। মৃত লোক জনৰ নাম প্ৰদীপ দাস (২৫)। লোকজনক স্থানীয় কেইজনমানে ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

মৃত -প্ৰদীপ দাসৰ পিতা আৱদেশ দাস । মঙলদৈ নৈত গা-ধুৱ যোৱাত পানীত পৰি মৃত্যু হয় প্ৰদীপৰ। বৰ্তমান মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।