অসম

মৈৰাবাৰীৰ চহৰীয়া গাঁৱত গ্ৰেপ্তাৰ জেহাদী কাৰ্যকলাপৰ লগত জড়িত এজনক…

asomiyapratidin

ডিজিটেল সংবাদ মৈৰাবাৰীঃ বিগত তিনি দিন ধৰি মৰিগাঁও জিলা আৰক্ষীয়ে ধাৰাবাহিক বাবে অভিযান চলাই মৈৰাবাৰীৰ চহৰীয়া গাঁৱৰ পৰা এজন মাদ্ৰাছাৰ শিক্ষকক গ্ৰেপ্তাৰ কৰাৰ লগতে ছয় জনক আটক কৰে। জানিব পৰা মতে মৈৰাবাৰী থানাৰ অন্তৰ্গত লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্ভুক্ত চহৰীয়া গাঁৱত অৱস্থিত জমিউল শুদা নামৰ মাদ্ৰাছা খনৰ শিক্ষক মুফতী মুস্তফা আলিক জেহাদী কাৰ্য্যকলাপৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

মুফতী মুস্তফা ২০১৩ চনৰ পৰা ভাৰতৰ উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, ভূপাল আদি ঠাইত মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰিছিল।মৰিগাঁও জিলা আৰক্ষী অধীক্ষকে জানিব দিয়া মতে মাদ্ৰাছা শিক্ষক জনৰ বেংক একাউণ্টত বুজন পৰিমাণৰ ধন বেলেগ বেলেগ একাউন্টৰ পৰা সময়ে সময়ে সোমোৱাৰ লগতে লেনদেন হৈছিল।

মুফতী জন বিগত কেইবা বছৰ ধৰি জেহাদী কাৰ্য কলাপৰ লগত জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰশাসনে।ইতিমধ্যে লেংৰিবৰীত অৱস্থিত মাদ্ৰাছা খন প্ৰশাসনে ছিল কৰাৰ লগতে মুফতী মুস্তফাক মৈৰাবাৰী আৰক্ষী থানাত ১৫৬/২২ নম্বৰত গোচৰ ৰুজু কৰি মৰিগাঁৱলৈ প্ৰেৰণ কৰাৰ লগতে-সৰুচলা গাঁৱত অৱস্থিত সৰুচলা আলজামিয়া তুচল্লিহাত টাইটেল বানাত মাদ্ৰাছাৰ পৰা মতিবোৰ ৰহমান, মইনুল হক, ৱাহিদূৰ ৰহমান, মইনোদ্দিন আৰু খাদিজা খাতুনক আটক কৰি সোধপোচ অব্যাহত ৰখাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।