অসম

৪ লক্ষাধিকৰ ভুৱা চেক ভঙাবলৈ গৈ নেলীৰ এছ বি আইত আৰক্ষীৰ জালত প্ৰৱঞ্চক

asomiyapratidin

ডিজিটেল সংবাদ, ক্ষেত্ৰীঃ বৃহস্পতিবাৰে ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত মালৈবাৰী এছ বি আই শাখাত ভুৱা চেকেৰে ধন উলিয়াবলৈ অহা এজন ধৃত প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

নেলীৰ দিপাংকৰ পাটৰ নামৰ এজন লোকে ৰাজ্যৰ প্ৰতিষ্ঠিত সংস্থা 'জাগীৰোড এগ্ৰ' প্ৰডাকচন কপাৰেটিভ লিমিটেড'ৰ নামত ৩৪ লাখ ২২ হাজাৰ টকাৰ এখন ভুৱা চেক শাখাটোত জমা দিছিল শাখাটোক।

নিজকে সংস্থাটোৰ সভাপতি বুলি পৰিচয় দিয়া ধৃত লোকজনক ক্ষেত্ৰীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ  ৪২০, ৪০৬ আৰু ৪৬৮ ধাৰাৰ অধীনত ২১২/১৮ নম্বৰত গোচৰ ৰুজু কৰে। কাইলৈ ধৃত লোকজনক আৰক্ষীয়ে আদালত হাজিৰ কৰাব।