অসম

নগাঁৱত আত্মীয়ৰ পিণ্ড দিবলৈ গৈ এজনৰ সলিল সমাধি

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ বৰভেটিত আত্মীয়ৰ পিণ্ড দিবলৈ গৈ এজন লোকৰ সলিল সমাধি ঘটা ঘটনাই শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত বাতৰি মতে, মঙলবাৰে দুপৰীয়াৰ ভাগত জোনৰাম নাথ নামৰ লোকজনে ধৰ্মীয় বিধি অনুযায়ী আত্মীয়ৰ পিণ্ড দিবলৈ পুখুৰীলৈ গৈছিল।

পিণ্ড দিবলৈ লোৱাৰ সময়তে অসাৱধানবশতঃ লোকজন পুখুৰীটোৰ গভীৰত পৰি যায়। স্থানীয় লোকসকলে লোকজনক বছাবলৈ চেষ্টা কৰে যদিও পুখুৰীটো যথেষ্ট ডাঙৰ আৰু দ হোৱা বাবে সেয়া সম্ভৱ হৈ নুঠিল।

যুৱকজনৰ নিথৰ দেহ বিচাৰি আৰক্ষী আৰু এছডিআৰএফে পুখুৰীটোত অভিযান অব্যাহত ৰাখিছে যদিও এই বাতৰি যুগুতোৱা পৰলকৈ কোনো সন্ধান পোৱা হোৱা নাই।