অসম

বাইহাটাত খহিঁ পৰিল নিৰ্মীয়মান উৰণ সেতুঁঃ এজনৰ মৃত্যুৰ লগতে আৰু শ্ৰমিক আৱদ্ধ হৈ থকাৰ সন্দেহ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাইহাটা চাৰিআলিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বাইহাটাত নিৰ্মীয়মান উৰণ সেতুৰ বীম খহিঁ পৰি এজন শ্ৰমিকৰ মৃত্যুৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি, ক্ৰেনেৰে উৰণ সেতুঁখনৰ বীম ওপৰলৈ উঠাই থকাৰ সময়তে খহিঁ পৰে প্ৰকাণ্ড বীমটো।

সেই সময়তে থিতাতে মৃত্যু হয় এগৰাকী কৰ্মৰত শ্ৰমিকৰ। প্ৰকাণ্ড বীমটোৰ তলত আৰু শ্ৰমিক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। ইফালে আহত কেইবাজনো শ্ৰমিকক চিকিতসাৰ বাবে প্ৰেৰণ কৰা হৈছে হস্পাতাললৈ।

এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। উপস্থিত শ্ৰমিকৰ ভাষ্য অনুসৰি, ক্ৰেনখনৰ ভাৰসাম্যহীন হৈ পৰাৰ ফলতে এই ঘটনা সংঘটিত হবলৈ পালে। বৰ্তমান দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।