অসম

বিহালীত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথৰ বিহালীত বুধবাৰে বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱক মৃত্যুমুখত পৰে। নিহত যুৱকজনৰ নাম অনুজ তাঁতী।

বিদ্যুৎ বিভাগৰ অজ্ঞাতে নিজ বাসগৃহলৈ বিদ্যুৎ সংযোগ কৰিবলৈ লওতেই  মৃত্যু ঘটে যুৱকজনৰ৷ বিহালী ছাহ বাগিছাৰ ৮ নং লাইনত সংঘটিত হয় এই ঘটনা।