অসম

বিশ্বকৰ্মা পূজাৰ দিনাই অএনজিচিৰ গেলেকী তৈলক্ষেত্ৰত খহিল ৰিগ, এজন কৰ্মচাৰীৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, শিৱসাগৰঃ বিশ্বকৰ্মা পূজাৰ দিনাই অএনজিচিৰ অসম সম্পদৰ গেলেকী তৈলক্ষেত্ৰত সংঘটিত হয় এক ভয়াৱহ অঘটন। এই অঘটনত কৰ্মৰত অৱস্থাতে এজন কৰ্মচাৰীয়ে মৃত্যুক সাবটি লয়।

প্ৰাপ্ত বাতৰি মতে, সোমবাৰে বিয়লি প্ৰায় ৪ বজাত গেলেকী তৈলক্ষেত্ৰৰ জি-১৪০০৬ নং ৰিগত কাম কৰি থকা অৱস্থাত ৰিগটোৰ ওপৰৰ অংশ খহি আহি উজ্জ্বল মৰাণ নামৰ কৰ্মচাৰীজনৰ গাৰ ওপৰত পৰে। এই ঘটনাত হাত আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কৰ্মচাৰীজন।

ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। অএনজিচিৰ একাংশ বিষয়াৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে।

জানিব পৰা মতে, ২০১৫ চনত অএনজিচিৰ অসম সম্পদত ৰিগমেন হিচাপে যোগদান কৰিছিল মৰাণৰ বটামৰাৰ উজ্জ্বলে।