অসম

নলবাৰীত থানাৰ সমুখতে বান্দৰ-কেঁকোৱা দি ধন কাঢ়ি নিয়াৰ চেষ্টা

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী সদৰ থানাৰ একেবাৰে সম্মুখতে থকা ষ্টেট বেংকত এজন গ্ৰাহকৰ পৰা টকাৰ মোনা কাঢ়ি নিব বিচৰা এটা দুৰ্বৃত্তক আজি বিয়লি ৰাইজৰ সহযোগত দুজন আৰক্ষী কনিষ্টবলে কৰায়ত্ত কৰে।

জানিব পৰামতে নলবাৰী চামতাৰ প্ৰমোদ বৰ্মন নামৰ লোকজনে আজি নিজৰ একাউন্টৰ পৰা টকা উঠাই এখন মোনাত ভৰাইছিলহে মাত্ৰ। এনেতে তেওঁ ডিঙিত তীব্ৰ খজুৱতি অনুভৱ কৰে। চাই দেখে কোনোবাই তেওঁৰ গাত বান্দৰ-কেঁকোৱা সানি দিছে। তৎমুহূৰ্ততে এজনে প্ৰমোদ বৰ্মনৰ টকাৰ বেগখন কাঢ়ি নিয়াৰ চেষ্টা চলায়। লগে লগে তেওঁ চিঞৰ বাখৰ আৰম্ভ কৰি দিয়ে।

তেতিয়া টকাৰ বেগ এৰি এজন যুৱকে বেংকৰ ভিতৰৰ পৰা ওলাই দৌৰিবলৈ ধৰে। লগে লগে কেইবাজনো লোকে দুৰ্বৃত্তটোৰ পিচ লয়। ইতিমধ্যে দুৰ্বৃত্তই চহৰৰ পিএন চি পথেৰে বহু দূৰ অতিক্ৰম কৰে।

কিন্তু ছফেদ আলী আৰু চাইদুল ইছলাম নামৰ দুজন আৰক্ষী কনিষ্টবলে অধিক তৎপৰতাৰে খেদি যায়। দুয়ো শাক পাচলিৰ বজাৰত ৰাইজৰ সহযোগত দুৰ্বৃত্তটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। আটক কৰা দুৰ্বৃত্তটোক পশ্চিম বংগৰ ৰিতেশ গোৱালা বুলি চিনাক্ত কৰা হৈছে।

দুৰ্বৃত্তটোৰ লগত স্কুটাৰ মটৰ-চাইকেল আৰু বাকচ খুলিব পৰা কেইবাপাট বিশেষভাবে বনাই লোৱা চাবি পোৱা গৈছে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা ৰিতেশক নলবাৰীকে ধৰি নামনি অসমত চুৰি ডকাইতিৰে আতংক সৃষ্টি কৰি থকা ইৰাণী গ্ৰুপৰ সদস্য বুলি সন্দেহ কৰা হৈছে।