অসম

চামগুৰিত জাপানীছ এনকেফেলাইটিছত এজনৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁৱৰ চামগুৰিত জাপানীজ এনকেফেলাইটিছৰ আতংক অব্যাহত আছে। জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চামগুৰিৰ ন'নৈ চাহ বাগিছাৰ এটি ৯ বছৰীয়া শিশুৰ মৃত্যু ঘটে। বিগত বহুকেইদিন মৃত্যুৰে সৈতে যুঁজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধী অৱস্থাত মৃত্যু হোৱা শিশুটিৰ নাম অনুজ তাঁতী।

উল্লেখ্য যে অনুজ তাঁতীৰ মৃত্যু হোৱাৰ পাছতেই এতিয়া স্থানীয় ৰাইজে উদমাৰীৰ ন'নৈ চাহ বাগিছাৰ স্থানীয় ৰাইজে এই ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগক অঞ্চলটোত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।