অসম

জুবিন গাৰ্গক উদ্দেশ্যি অশ্লীল মন্তব্য, নগাঁৱৰ চাও জীতুমণিক আটক

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ জুবিন গাৰ্গ সন্দৰ্ভত ফেচবুকত কৰা অশ্লীল মন্তব্য প্ৰসংগই গ্ৰহণ কৰিছে নতুন মোৰ। লুইত কুমাৰ বৰ্মন নামৰ এজন লোকৰ বিৰুদ্ধে জুবিন পত্নী তথা ফেশ্যন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গে তৰা গোচৰক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে আটক কৰা হৈছে আন এজন যুৱকক।

শনিবাৰে নিশাৰ ভাগত পল্টন বজাৰ আৰক্ষীয়ে আটক কৰা এই যুৱকজন হৈছে চাও জীতুমণি গগৈ। বিশেষ সূত্ৰৰ পম খেদি যুৱকজনক নগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয় আৰক্ষী।

উল্লেখ্য যে, লুইত বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সময়তে সমগ্ৰ ঘটনা অস্বীকাৰ কৰিছিল বৰ্মনে। ইয়াৰ পৰিৱৰ্তে শিল্পীগৰাকীক কৰা ছ'চিয়েল মিডিয়াত কৰা গঠনমূলক সমালোচনাৰ বাবে একাংশ জুবিন অনুৰাগীয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে স্ক্ৰীণশ্বট এপ ব্যৱহাৰ কৰি আপত্তিজনক পোষ্টটো ফেচবুকত এৰি দিয়া বুলি অভিযোগ কৰে।

এই সন্দৰ্ভত বৰ্মনে চাও জীতুমণি গগৈ নামৰ ফেচবুক একাউন্টটোৰ গৰাকীৰ বিৰুদ্ধে পল্টন বজাৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিতে আটক কৰা হয় নগাঁৱৰ যুৱকজনক। আৰক্ষীয়ে যুৱকজনক সোধ-পোচ অব্যাহত ৰাখিছে।

আৰক্ষীয়ে জনোৱা মতে, ৮ অক্টোবৰত পোষ্টটো পোহৰলৈ অহাৰ পিছতে বৰ্মনে দাখিল কৰা এজাহাৰৰ ভিত্তিত জীতুমণি গগৈ নামৰ ফেচবুক একাউন্টটোৰ গৰাকীৰ বিৰুদ্ধে ১০২৫/১৮ নম্বৰত ৰুজু হৈছিল এটি গোচৰ। লুইত কুমাৰ বৰ্মনৰ নামত ছ'চিয়েল মিডিয়াত চাঞ্চল্য সৃষ্টি কৰা উক্ত পোষ্টটোত অশালীন মন্তব্য কৰাৰ লগতে জুবিনক হত্যাৰ ভাবুকিও প্ৰদান কৰা হৈছিল।

'মই জুবিনৰ বিৰুদ্ধে ফেচবুকত বহু মন্তব্য কৰি আহিছো সেয়া সত্য। কিন্তু কোনো কাৰণতে মই ইমান নীচ মন্তব্য কৰিব নোৱাৰো। জুবিনক হত্যাৰ ভাবুকি দিয়াৰ প্ৰশ্ন আহিবই নোৱাৰে। এয়া হৈছে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ। স্ক্ৰীণশ্বট এপ ব্যৱহাৰ কৰি মোক জনমানসত হেয় কৰা হৈছে। সেই কথা আৰক্ষীয়ে তদন্ত কৰিলেই ওলাই পৰিব।'-ঘটনাটোৰ পিছতে এইদৰে ফেচবুকত মন্তব্য কৰিছিল লোকজনে।

আনহাতে, বিষয়টোক লৈ বিগত কেবাদিনো ধৰি ৰাজ্যৰ ছ'চিয়েল মিডিয়াত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। সকলোৱে শিল্পীগৰাকী সন্দৰ্ভত কৰা উক্ত মন্তব্য যিয়েই নকৰক কিয় তেনে কাৰ্যক তীব্ৰ গৰিহণা জনোৱাৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰো দাবী জনাই আহিছে।