অসম

খৰাং বতৰ ! গভীৰ সংকটত ডেৰ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক, চৰকাৰলৈ সহায়ৰ আহ্বান…

asomiyapratidin

ডিজিটেল সংবাদ,মৰিয়নি : ৩ মে' কোভিড আতংক আৰু শেষতীয়াকৈ ধাৰাবাহিক ভাৱে অহা ভূমিকম্পই ৰাইজক আতংকিত কৰি ৰখাৰ মাজতে ৰাজ্যৰ বহু ঠাই এতিয়া খৰাংৰ কবলত। এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৰাইজে। দীৰ্ঘদিনে অনাবৃষ্টিৰ ফলত অসমৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কে দিক বিদিক হেৰুৱাৰ উপক্ৰম হৈছে।

দীৰ্ঘদিনীয়া অনাবৃষ্টিৰ ফলত হোৱা তীব্ৰ খৰাঙত শুকাই মৰি যোৱাৰ আশংকাই দেখা দিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বহু বাগিচা। 'অহা ৪/৫ দিনত যদি পৰ্য্যাপ্ত পৰিমানৰ বৰষুণ নহয় তেতিয়াহলে অসমৰ বহু ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ বাগিছাৰ চাহ গছ মৰি যাব'।এনেদৰে এক ভয়াবহ আশংকা প্ৰকাশ কৰে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ সম্পাদক তথা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সহকাৰী সম্পাদক অচ্যুত প্ৰসাদ গগৈয়ে।

দেশৰ সৰ্মমুঠ উৎপাদিত চাহৰ ৫১ শতাংশ চাহ উৎপাদন কৰি দেশৰ অৰ্থনীতিলৈ প্ৰভূত অৱদান আগবঢ়োৱা অসমৰ ১.৫ লক্ষৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ আজি দিক বিদিক শূণ্য অৱস্থা হৈ পৰিছে। আজিৰ তাৰিখত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে কেচা পাতৰ উৎপাদন ,কেচা পাতৰ মূল্য দাবী কৰাতকৈ অধিক চিন্তত হৈ পৰিছে নিজ নিজ চাহ বাগিচাৰ গছ কেইজোপাক পানী দি জীয়াই ৰখাত। বিশেষকৈ উজনি অসমত দীৰ্ঘদিন অনাবৃষ্টিৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাগিছাত কেচা পাতৰ উৎপাদন বন্ধ হৈ পৰাত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ লগতে উদ্যোগতোৰ সৈতে জড়িত হৈ থকা শ্ৰমিক কৰ্মচাৰীসকলৰ জীৱনলৈও নামি আহিছে গভীৰ সংকট।

ইফালে খৰাংৰ বাবে ক্ষুদ্ৰ চাহ বাগিছা সমূহত দেখিবলৈ পোৱা গৈছে হেল'পেলেটিকছ, লোপাৰ, ৰেডৰাছ, ৰেডস্পাইডাৰ, মিলবাগকে ধৰি বিভিন্ন পোকৰ উপদ্ৰৱ অভাৱনীয় ভাৱে বৃদ্ধি পোৱা লগতে শ শ বিঘা বাগিছা লঠঙা হৈ পৰিছে। কৃত্ৰিম পানী যোগানৰ বাবে কোনো ব্যৱস্থা নথকাত কেৱল বৰষুনৰ বাবে বাট চাব লগা হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। এনে ক্ষেত্ৰত সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘই ক্ষুদ্ৰ চাহ খেতিয়ক সকলক সাধাৰণ কৃষকৰ শ্ৰেণীত অন্তভূক্ত কৰি কৃষাণ ক্ৰেডিট কাৰ্ড, প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা(PMKSY) অন্তভূক্ত কৰি বিনামূলীয়া পানী যোগান আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ দাবী জনাইছে।

এই ক্ষেত্ৰত অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে বিহীত ব্যৱস্থা লৱলৈ আহ্বান জনাইছে। পৰিতাপৰ বিষয় যে ভাৰতীয় চাহ বৰ্ডৰ অলংকাৰ স্বৰূপ পানী যোগান আঁচনিকে ধৰি কিছু আঁচনি আছে যদিও সেইবিলাক আঁচনিয়ে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ সামগ্ৰিক উন্নয়ন সাধন কৰিব পৰা নাই।ইয়াৰ উপৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে বিভিন্ন সময়ত বিভিন্ন বে চৰকাৰী সংস্থাই বিভিন্ন কাৰ্যসূচী লৈ ভূমুকি মাৰে।

আজিৰ তাৰিখত তেনে বোৰ সংস্থাক ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিছাত পাৰিলে এদিনৰ বাবে হ'লেও কৃত্ৰিম পানী যোগানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। লগতে অসমত ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ অৰ্থে কাৰ্যসূচী চলাই থকা ত্ৰিনিটি(TRINITEA) কাৰ্যক্ৰমৰ বিষয় ববীয়া সকলকো ক্ষুদ্ৰ চাহ খেতিয়কৰ আজি এই দিক বিদিক শূন্য বিধস্ত প্ৰায় অৱস্থাত কৃত্ৰিম পানী যোগানৰ ব্যৱস্থা কৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিছা সমুহ মৃত্যু মুখৰ পৰা বচাবলৈ আহ্বান জনাইছে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ মহাসংঘৰ সম্পাদক অচ্যুত প্ৰসাদ গগৈয়ে।