অসম

চাইবাৰ আক্ৰমণৰ সন্মুখীন হৈছে অইল ইণ্ডিয়াৰ দুলীয়াজানস্থিত কাৰ্যালয়…

asomiyapratidin

ডিজিটেল ডেস্কঃ এই চাইবাৰ আক্ৰমণৰ সন্মুখীন হ'ল দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ পঞ্জীভূত মুখ্য কাৰ্যালয়। মঙ্গলবাৰে চাইবাৰ আক্ৰমণৰ সন্মুখীন হৈছে অইলৰ কাৰ্যালয়টো। ফলস্বৰূপে সোমবাৰৰ পৰা অইলৰ সকলো কম্পিউটাৰ আৰু আই টি প্ৰণালী বন্ধ কৰা হৈছে।

অইলৰ মুখপাত্ৰ ত্ৰিদিপ হাজৰিকাই সংবাদ মাধ্যমক জনোৱা অনুসৰি সোমবাৰৰ পৰা আই টি প্ৰণালীসমূহ বন্ধ কৰি সমস্যাৰ সমাধান কৰাৰ চেষ্টা চলাই থকা হৈছে। সোমবাৰে অইলৰ ৩/৪ টা কম্পিউটাৰ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছিল।

ইয়াৰ পিছতে অইল কৰ্তৃপক্ষই এল এন এন সংযোগৰ পৰা সকলো কম্পিউটাৰ প্ৰাণলী প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ফলত মুখ্য কাৰ্যালয়ৰ কোনো কম্পিউটাৰত এতিয়া ইণ্টাৰনেট সংযোগৰ সুবিধা নাই।