অসম

বাঙালী ফেডাৰেচন অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যালয় উদ্বোধন

Asomiya Pratidin

ডিজিটেল সংবাদ,চিলাপথাৰঃ অহা ২৬,২৭ আৰু ২৮ এপ্ৰিলত চিলাপথাৰৰ ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ কেন্দ্ৰীয় দ্বি বাৰ্ষিক আৰু অষ্টম দ্বি বাৰ্ষিক ধেমাজি জিলাৰ অধিৱেশন। পূৰ্ণ গতিত চলিছে অধিৱেশনৰ প্ৰস্ততি।

জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে ভৈৰৱপুৰত মুকলি কৰা হয় অভ্যৰ্থনা সমিতিৰ মূখ্য কাৰ্যালয়। ভৈৰৱপুৰ নেতাজী সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা এই অধিৱেশনত হিন্দু বাঙালী সকলৰ জলন্ত ডি- ভোটাৰ,বিদেশী সমস্যাৰ সমাধান সম্পৰ্কে আলোচনা কৰাৰ লগতে ধেমাজি জিলাৰ বান গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰো দাবী উত্থাপন কৰিব।

বিভিন্ন দল সংগঠনৰ সহযোগত আয়োজিত এই অধিৱেশনত অসমীয়া, বাঙালী,মিচিং,বড়ো,ইংৰাজী, হিন্দীকে ধৰি এখন বহুভাষিক এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰা হ'ব। আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ উত্তম দাসৰ সঞ্চালনাত আৰু সম্পাদক ডঃ দেৱজিত দাস গুপ্তাই আঁতধৰা উদ্বোধনী সভাত নীতি নিয়মৰ মাজেৰে মিচিং স্বায়ত্ত পৰিষদৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা আয়োজক সমিতিৰ উপ সভাপতি মলেন্দ্ৰ নাৰ্জাৰীয়ে ফিটা কাটি উদ্বোধন কৰে অভ্যৰ্থনা সমিতিৰ কাৰ্যালয়।

আয়োজক সমিতিৰ উপ সভাপতি বিশ্বজিত দাস,এম এম কেৰ চিলাপথাৰ জিলাৰ সম্পাদক শিবিৰাম টাৱ, ফেডাৰেচনৰ ধেমাজি জিলাৰ সভাপতি বিপ্লৱ দাস, উপ সভাপতি ধৰ্মেন্দ্ৰ দাস,সমাজ সেৱী স্বৰুপ দাস, কল্পনা দাস,ৰবীন্দ্ৰ দেৱনাথ আদি কেইবাজনেও গঠনমূলক পৰামৰ্শৰে বক্তব্য প্ৰদান কৰে। সভাই মূল সমিতিৰ লগতে বিভিন্ন উপ সমিতিৰ কৰ্মকৰ্তাৰ সৈতে অধিৱেশনৰ প্ৰস্তুতি আৰু অগ্ৰগতিৰ সন্দৰ্ভত বাৰ্তালাপ কৰে।

ফেডাৰেচনৰ বহু কৰ্মকৰ্তা আৰু ৰাইজৰ উপস্থিতিত অনুষ্ঠিত সভাই অধিৱেশনখনি সফল কৰিবলৈ অসমবাসী ৰাইজক সহায় সহযোগিতা আগবঢ়াবলৈ অভ্যৰ্থনা সমিতিয়ে আহ্বান জনায়।