অসম

২০ জুলাইত ওদালগুৰি আছুৱে সম্বৰ্ধনা জনাব ২১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ষ্টাৰ মাৰ্ক লাভ কৰা মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে।

স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত আঞ্চলিক সমিতিখনৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ২১৯ গৰাকী শিক্ষাৰ্থীক সংগঠনটোৱে সম্বৰ্ধনা জ্ঞাপন কৰিব। অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি ২০ জুলাইৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব আঞ্চলিক সমিতিখনৰ সভাপতি অভিজিৎ এছ কাশ্যপে। ৯-৩০ বজাত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰিব সাধাৰণ সম্পাদক ৰাজদ্বীপ দাসে। দিনৰ ১১ বজাত অনুষ্ঠিত হবলগীয়া বিশেষ অভিনন্দন অনুষ্ঠানটি উদ্বোধন কৰিব জিৰা আৰক্ষী অধীক্ষক লংণিত টেৰাঙে।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব জেষ্ঠ্য সাংবাদিক ৰিতুস্মিন শৰ্মা, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আছুৰ কেন্দ্ৰীয় উপ-সভাপতি চিত্ত বসুমতাৰী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য।

আনহাতে অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্যদ্বয় বিতোপন দাস আৰু নয়নজ্যোতি গগৈ, গোলন্দি সেনা ছাউনীৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল ৰাহুল, ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি-ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ক্ৰমে প্ৰাঞ্জল পাটোৱাৰী আৰু বিপুল ৰঞ্জন লহকৰ।