অসম

সংবাদমেলত বিস্ফোৰক প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ মন্ত্ৰী ৰঞ্জিত দত্তই কেন্দ্ৰীয় সংখ্যালঘু আবাসিক বিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ পিছতে লাগিল কেনা। বিশ্বনাথত সংখ্যালঘু সংগ্ৰাম পৰিষদ, নেমছু, জমিয়ত ওলেমাকে ধৰি বিভিন্ন সংখ্যালঘু দল-সংগঠনৰ লগতে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ যৌথ সংবাদমেল। সংখ্যালঘু অধ্যুষিত অঞ্চলত স্থাপন নকৰাত জাঙুৰ খাই উঠিছে প্ৰাক্তন মন্ত্ৰী গৰাকীৰ লগতে দল সংগঠনো।

কেন্দ্ৰীয় চৰকাৰে আৱণ্টন কৰা আঁচনিখন সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বাবে দিছিল যদিও বিশ্বনাথৰ বিধায়ক তথা ৰাজ্যৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্তই ষড়যন্ত্ৰমূলকভাৱে মাজুলিগড় চাহ বাগিছাত বিদালয়খনৰ আধাৰশিলা স্থাপন কৰাত ক্ষোভিত হৈ পৰিছে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰ। বিদ্যালয়খন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩০ কিঃ মিঃ নিলগত স্থাপন কৰা হৈছে।

য'ত নাই কোনো যোগাযোগৰ সুবিধা। ইফালে ছাত্ৰীৰ বাবে মুঠেই সুৰক্ষিত নহয় ঠাইখন। নুৰজামাল সৰকাৰে সংবাদ মেলত জানিবলৈ দিয়ে যে, বিশ্বনাথ চাৰিআলি টাউনৰ ওচৰে পাজৰে এতিয়াও বহুত চৰকাৰী মাটি আছে কিন্তু ৰঞ্জিত দত্তই কি কাৰণত ৩০ কিঃ মিঃ নিলগত এই আৱাসিক বিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিলে সেই কথাক লৈ সাধাৰণ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।