অসম

নুনমাটিত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি…

asomiyapratidin

ডিজিটেল ডেস্কঃ নুনমাটিত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰৰ সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসম জাতীয় বিদ্যালয়ৰ সমীপত চানমাৰীৰ ফালৰ পৰা যোৱা এখন গাড়ীয়ে ডিভাইডাৰত টাৰ্নিং লওঁতেই এখন বাইকৰ সৈতে দুৰ্ঘটনাত পতিত হয়। উল্লেখযোগ্য যে, বাইকখন নুনমাটি দিশৰ পৰা চানমাৰী দিশে আহি আছিল।

এএছ ০১ডিপি ৪৬১৬ নম্বৰৰ চাৰিচকীয়া বাহনখনে কোনো সংকেট নিদিয়াকৈ হঠাৎ টাৰ্নিং লোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে অভিযোগ কৰে। দুৰ্ঘটনাৰ পাছতেই উক্ত স্থানত যথেষ্ট সংখ্যক লোকৰ সমাগম হয়। দুৰ্ঘটনাটোত কাৰ ভুল তাক লৈ বাইক আৰোহী আৰু বাহনখনৰ চালকৰ মাজত তৰ্কাতৰ্কি চলে।

প্ৰত্যক্ষদৰ্শীয়ে এই দুৰ্ঘটনাৰ বাবে চাৰিচকীয়া বাহনখনকে জগৰীয়া কৰে আৰু অভিযোগ কৰে যে চাৰিচকীয়া বাহনখনত থকা এগৰাকী মহিলাই চলাইছিল। পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত মহিলা গৰাকীক পিছৰ আসনত বহিবলৈ দি পুৰুষ সহযাত্ৰীজনে বাহনখন চলোৱা বুলি দাবী কৰে।

ইয়াকে কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু প্ৰত্যক্ষদৰ্শীয়ে সমীপৱৰ্তী নুনমাটি থানাত খবৰ দিয়ে। নুনমাটি থানাৰ যান-বাহন শাখাৰ আৰক্ষী আহি পৰিস্থিতি চম্ভালে আৰু দুই পক্ষক মিলামিচা কৰি ল'বলৈ অনুৰোধ জনায়। কিন্তু কোনো পক্ষই নিজৰ ভুল স্বীকাৰ নকৰাত আৰক্ষীয়ে বাহনখনৰ লগতে বাইকখনৰ আৰোহী আৰু তেওঁলোকৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহন কেইখন নুনমাটি থানালৈ লৈ যায়। উল্লেখযোগ্য যে, এই দুৰ্ঘটনাৰ পাছতেই উক্ত পথত যথেষ্ট যান-জঁটৰ সৃষ্টি হয়।