অসম

নুমলীগড় হাইস্কুলৰ প্ৰধান শিক্ষক মহেন শইকীয়াক দল-সংগঠনৰ সম্বৰ্ধনা…

asomiyapratidin

ডিজিটেল সংবাদ বোকাখাতঃ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নুমলীগড় উপ-শাখা সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নুমলীগড় আঞ্চলিক সমিতিৰ সহযোগত বৃহস্পতিবাৰে নুমলীগড় হাইস্কুলৰ সভাকক্ষত আয়োজন কৰা সভাত ভাৰতীয় ষ্টেট বেংক ইণ্ডিয়াৰ গোলাঘাট শাখাৰ তৰফৰ পৰা কৃতী শিক্ষক বটাপ্ৰাপ্ত, নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক উত্তৰণৰ বাবে বিশেষ অৰিহনা আগবঢ়োৱা প্ৰধান শিক্ষক মহেন শইকীয়াক বিপুল সম্বৰ্ধনা জনোৱা হয়।

উক্ত সভাতে নিমাতী ঘাটত শোকাৱহ নাও দূৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোক সকলৰ বাবে ১মিনিট মৌন প্ৰাৰ্থনা জনোৱা হয় ।সভাত উপস্থিত থাকে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নুমলীগড় উপ-শাখা সমিতি উপদেষ্টা সঞ্জীৱ ৱাউৰী, উপদেষ্টা প্ৰকাশ মালা, সভাপতি শ্ৰাহ্লল ৰবিদাস, সম্পাদক বিবেকানন্দ ৰাজোৱাৰ সহকাৰী সম্পাদক আকাশ বাক্তি সহকাৰী, সম্পাদক চন্দ্ৰনাথ ৰবিদাস, সাংগঠনিক সম্পাদক জিমি ৱাউৰী ,সাংগঠানিক সম্পাদক অমিত বাক্তি, সাংস্কৃতিক সম্পাদক উজ্বল মহানন্দ ,সদস্য বিকী পানিকা ,ঊদ্দীত ৰবিদাস, কুমূদ তাঁতী ,সত্যম ৰবিদাস অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নুমলীগড় আঞ্চলিক সমিতি ফালৰপৰা সভাপতি সুৰজ কুমাৰ ৰবিদাস সম্পাদক নছাদ আলী উপদেষ্টা দীন ৰবিদাস উপদেষ্টা ইন্দ্ৰ তামৰীয়া।

একেখন সভাতে দলটোৱে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ সম্পৰ্কে আলোচনাত মিলিত হয়।