অসম

নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ দেওপাহাৰৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি উদ্ধাৰ হৈছে এটা নাহৰফুটুকী বাঘৰ মৃতদেহ ৷ একাংশ স্থানীয় লোকে মৃতদেহটো প্ৰতক্ষ কৰি খবৰ দিয়ে বন বিভাগক  ৷ ৰাষ্ট্ৰীয় ঘাইপথটোত দ্ৰুতবেগী বাহনৰ খুন্দাত প্ৰাপ্তবয়স্ক বাঘটো মৃত্যু হল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। উল্লেখ যে ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু বন বিভাগ উপস্থিত হৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে বাঘটো প্ৰেৰণ কৰিছে।