অসম

কমাৰগাঁৱত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ, বোকাখাতঃ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত নুমলীগড় ছচিঅʼ ডেভেলপমেন্ট ছ'চাইটিৰ সহযোগত অনুসূচীত জাতি আৰু জনজাতিৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, গোলাঘাট জিলা সমিতিৰ এক বিশেষ আঁচনিৰ শৈক্ষিক অভিযান বৃহত্তৰ নুমলীগড় অঞ্চলত অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে কমাৰগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত হয় এনে এক কাৰ্যসূচী।

অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ লগতে সমবেত ৰাইজৰ মাজত কুইজ, গীত-মাত আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লগতে স্হানীয় ৰাইজৰ মাজত শৈক্ষিক দিশৰ ওপৰত অনুষ্ঠিত হয় এক অন্তৰংগ আলাপ। নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান মহেন শইকীয়াই আঁত ধৰা অনুষ্ঠানত কমাৰগাঁও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মেডিনী শইকীয়াই মুখ্য অতিথিৰ বক্তব্য আগবঢ়ায়।

শিক্ষক প্ৰশান্ত গোস্বামী, প্ৰাঞ্জল শইকীয়া, মৌচুমী গগৈ মামনি কোঁৱৰে বৰ্তমান শিক্ষা ব্যৱস্হাত অভিভাৱক সকলক জড়িত হ'বলৈ লগতে শিক্ষাৰ অধিকাৰ আইনৰ অনুসৰি সকলোকে মানুহে গঢ়াৰ লক্ষ্যৰে বিদ্যালয়লৈ পথাবলৈ আহ্বান জনায়। নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত আৰু নুমলীগড় ছচিঅʼ ডেভেলপমেন্ট ছ'চাইটিৰ সহযোগত পৰ্যায় ক্ৰমে নুমলীগড় অঞ্চলৰ প্ৰতিটো অনুসূচিত জাতি আৰু জনজাতি এলেকাত এনে কৰ্মসূচী অব্যাহত থাকিব বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে। উল্লেখযোগ্য যে, নুমলীগড় অঞ্চলৰ শিক্ষানুষ্ঠানসমুহ একেলগ হৈ অঞ্চলটোৰ শৈক্ষিক বাতাবৰণ উন্নত কৰাৰ বাবে প্ৰদক্ষেপ গ্ৰহণ কৰিছে।