অসম

নুমলীগড়ত বন্যহস্তীৰ তাণ্ডৱ

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ভিন্ন স্থানত অব্যাহত আছে বন্যাহস্তীৰ উপদ্ৰৱ। বন্যাহস্তীৰ আক্ৰমণত ত্ৰস্তমান নুমলীগড়বাসী। বুধবাৰৰ নিশাৰ পৰা বৃহস্পতিবাৰৰ পুৱা লৈকে উপদ্ৰৱ চলালে বন্যহস্তীৰ জাকে। প্ৰায় ৬০-৭০ জনীয়া বন্যহস্তীৰ জাকে তহিলং কৰে বহু ধাননি পথাৰ।

ইফালে বৰ্তমানলৈকে অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। যাৰ ফলশ্ৰুতিত উজাগৰে নিশা কটাবলগীয়া হয় অঞ্চলটোৰ লোকসকলে। অঞ্চলটোৰ লোকসকলৰ অভিযোগ বন বিভাগক বহুবাৰ আবেদন-নিবেদন কৰাৰ পাছতো বন বিভাগে এই ক্ষেত্ৰত দিয়া নাই কোনো গুৰুত্ব।