অসম

নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰত ভয়ংকৰ অগ্নিকাণ্ড… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰত সূত্ৰপাত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ। দেওবাৰে সন্ধিয়া প্ৰায় ৬ বজাত হঠাৎ এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা দেখা পোৱা যায়। নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ সমীপৰ দেওপাহাৰৰ বিস্তৃত এলেকাত সংঘটিত এই অগ্নিকাণ্ডই ইয়াৰে দাঁতিকাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণো শংকিত কৰি তুলিছে।

ইফালে, গোলাঘাট জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোডীয়ে এই খবৰ লাভ কৰাৰ পাছতেই তাৎক্ষণিকভাৱে অগ্নিনিৰ্বাপক বাহিনী প্ৰেৰণ কৰাত অগ্নিৰ পৰিহাৰ হ্ৰাস পোৱা বুলি ইতিমধ্যে জানিব পৰা গৈছে। অৱশ্যে জুই সম্পূৰ্ণভাৱে নিৰ্বাপনৰ বাবে চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপক বাহিনীয়ে।

আনহাতে, জুইৰ লেলিহান শিখাত অসংখ্য বন্যপ্ৰাণী জাহ যোৱাৰো শংকা প্ৰকাশ কৰিছে একাংশ লোকে। হঠাৎ পাহাৰত কেনেদৰে অগ্নিৰ সূত্ৰপাত হ'ল তাৰ বিষয়ে অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই।