অসম

নুমলীগড়ৰ ৰাজপথত দাউদাউকৈ জ্বলিল টেলভৰ্তি টেংকাৰ, তাৰ পিছতে জুই বিয়পিল সমগ্ৰ অঞ্চলত… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নুমলীগড়ঃ শুকুৰবাৰে নিশা প্ৰায় ১.৩০ বজাত এক ভয়ংকৰ টেংকাৰ দুৰ্ঘটনাই কঁপাই তুলিলে সমগ্ৰ নুমলীগড়। গোলাঘাট দিশৰ পৰা গুৱাহাটীৰ অভিমুখে আহি থকা এএছ-২৩-ডি-১৭৯৫নম্বৰৰ পেট্ৰ'লজাত টেলভৰ্তি এখন টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ বাগৰে তেলগৰম বাইপাছ ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত।

লগে লগে দাউদাউকৈ মাজপথতে জ্বলিল উঠিল টেংকাৰখন।ইফালে দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে সেই তেল বৈ আহি জুই বিয়পি পৰে কাষৰ পথাৰ সমূহত। লগে লগে জুইৰ লেলিশান শিখাই সমগ্ৰ অঞ্চলটো চানি ধৰিছিল।

বন্ধ হৈ পৰিল গাড়ী মটৰ চলাচল। ইফালে শংকিত স্থানীয় ৰাইজে নুমলীগড়ৰ আৰক্ষী চকীত খবৰ দিয়াত বোকাখাত গোলাঘাট আৰু নুমলীগড়ৰ শোধনাগাৰ ৰ পৰা অহা অগ্নি নির্বাপক বাহিনীৰ গাড়ীয়ে বহু চেষ্টা কৰি অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গাড়ীচালক আৰু সহযোগীজন দুৰ্ঘটনাৰ সময়তে গাড়ী এৰি পলায়ন কৰে।