অসম

এন এছ চি এনৰ নৱ নিযুক্ত অধ্যক্ষ আৰু উপাধ্যক্ষৰ শপত গ্ৰহণ

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ কেইবা দশক ধৰি বৃহত্তৰ নগালিমৰ দাবীত আন্দোলন চলাই থকা নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এনৰ নতুনকৈ নিৰ্বাচিত অধ্যক্ষ আৰু উপাধ্যক্ষই সোমবাৰে এক শপত গ্ৰহণ অনুষ্ঠানৰ মাজেৰে আনুষ্ঠানিকভাৱে সংগঠনটোৰ দায়িত্ব গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

এন এছ চি এনৰ হেব্ৰনস্থিত মুখ্য কাৰ্যালয়ত সোমবাৰে সংগঠনটোৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে কিউ টুছু আৰু উপাধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে টি বাংগোই। উল্লেখযোগ্য যে এন এছ চি এনৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ মৃত্যুৰ পিছতেই যোৱা কিছুদিন ধৰি খালি হৈ আছিল সংগঠনটোৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদ দুটা।