অসম

এনআৰএলৰ পৰা কৌশলেৰে চাটাই কৰিব গৃহৰক্ষীক! প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ক্ষোভ

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ নুমলীগড় তেলশোধনাগাৰৰ জন্মলগ্নৰে পৰা শোধনাগাৰটোত কৰ্মৰত হৈ থকা ১১৯ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীক চাটাই কৰিবলৈ শোধনাগাৰ কৰ্তৃপক্ষই আৰম্ভ কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ গোলাঘাট জিলা সমিতি। সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে সন্থাৰ সভাপতি লক্ষীন্দ্ৰ লইং আৰু সম্পাদক অৰূপ বৰাই কয় যে, শোধনাগাৰটোৰ জন্মলগ্নৰে পৰা শোধনাগাৰটোত কৰ্মৰত গৃহৰক্ষী সকলক চাটাই কৰি তাৰ ঠাইত অসম ঔদ্যোগিক বাহিনী নিয়োগ কৰাৰ বাবে নুমলীগড় তেলশোধনাগাৰ কৰ্তৃপক্ষই ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

প্ৰথম অৱস্থাত ৩৬ জন গৃহৰক্ষীলৈ জাননী প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰেছ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে যে, শোধনাগাৰ কৰ্তৃপক্ষৰ এনে এদেও দুদেও লুটা নিয়া ছেও সদৃশ কাৰ্যক গৃহৰক্ষী সন্থাই তীব্ৰ গৰিহণা দিছে আৰু এনে কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে অন্যথা সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। এই সৰ্ম্পকে ইতিমধ্যে গোলাঘাট জিলাৰ উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে বুলিও সন্থাৰ নেতৃত্বই লগতে জানিবলৈ দিছে।