অসম

মঙলবাৰৰ পৰা আৰম্ভ এন আৰ চিৰ ওজৰ-আপত্তি গ্ৰহণ প্ৰক্ৰিয়া

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিভিন্ন মহলত সৰৱ চর্চা হৈ থকাৰ সময়তে মঙলবাৰৰ পৰা ৰাজ্যৰ এন আৰ চি সেৱা কেন্দ্ৰসমূহত গ্ৰহণ কৰা হ'ব ওজৰ-আপত্তিসমূহ। উল্লেখ্য যে, ন্যায়ালয়ে এক ৰায় যোগে ১৫খন নথিৰ পৰিৱৰ্তে ১০খন নথিহে ব্যৱহাৰ হোৱাৰ কথা জনোৱাৰ পাছতে আজিৰ পৰা গ্ৰহণ কৰা হ'ব ওজৰ-আপত্তি। ৬০ দিনলৈকে এই ওজৰ- আপত্তি প্ৰক্ৰিয়া চলি থাকিব। অৱশ্যে ৩০ দিনৰ অন্তত পুনৰ বিবেচনা কৰিব ন্যায়ালয়ে।

এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ শপতনামা বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে। ৰেচন কাৰ্ড, ১৯৫১ৰ এন আৰ চিৰ নথি, ১৯৭১ৰ ২৪ মাৰ্চলৈ ভোটাৰ তালিকা কৰ্তন, ১৯৭১ চনৰ ২৪ মাৰ্চলৈ প্ৰদান কৰা নাগৰিকত্বৰ প্ৰমানপত্ৰ বাতিল আৰু শৰণাৰ্থী পঞ্জীয়ন প্ৰমানপত্ৰ পুনৰ নামভৰ্তিৰ আবেদনৰ পৰা কৰ্তন কৰা হৈছে। ইফালে, পৰৱৰ্তী সময়ত এই ৫ খন নথিৰ সন্দৰ্ভত বিবেচনা কৰাৰ কথাও জনায় উচ্চতম ন্যায়ালয়ে।