অসম

উপযুক্ত নথিপত্ৰ দিয়াৰ পাছতো বিশ্বনাথত এন আৰ চিত নাম নাহিল বহু পৰিয়ালৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত উন্নীতকৰণ হোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত উপযুক্ত নথিপত্ৰ দিয়াৰ পাছতো বিশ্বনাথ চাৰিআলিৰ বহু পৰিয়ালৰ নাম অন্তৰ্ভুক্তি নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৩০ জুলাইত প্ৰকাশ পোৱা এই খচৰাখনত ৰহস্যজনকভাৱে এই লোকসকলৰ নাম বাদ পৰি যোৱাত জিলাখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যিসময়ত এচাম অবৈধ আৰু সন্দেহজনক নাগৰিকৰ নাম খচৰাত স্থান পোৱাৰ অভিযোগ উঠিছে, সেইসময়ত প্ৰকৃত ভাৰতীয়ৰ নাম কাৰোবাৰ গাফিলতিৰ বাবে বাদ পৰিছে নেকি তাক লৈও প্ৰশ্ন উঠিছে।

এন আৰ চি কৰ্তৃপক্ষই বিচৰাৰ দৰে সকলো নথিপত্ৰ দিয়াৰ পাছতো পুনৰ এতিয়া এন আৰ চিত নামভৰ্তিৰ বাবে দৌৰিব লগা হৈছে এই পৰিয়ালসমূহে। তাৰ ভিতৰত বিশ্বনাথ চাৰিআলিৰ চুৱাগুৰিৰ নিবাসী আমিনুল হকৰ পৰিয়ালো অন্যতম। এই পৰিয়ালটোৰ কোনো এজনৰ নামেই এন আৰ চিত অন্তৰ্ভুক্ত হোৱা নাই।

এন আৰ চিত অন্তৰ্ভুক্তৰ বাবে আবেদন জনাই পৰিয়ালটোৰ সদস্যসকলে ১৯৫১চনৰ এন আৰ চি, ভোটাৰ আই কাৰ্ড, পানকাৰ্ড, স্কুল চাৰ্টিফিকেটকে ধৰি যাৱতীয় তথ্য আবেদনসহ জমা দিছিল। একেখন গাঁৱৰে জয়দান হকৰ পৰিয়ালৰো নাম নাই এন আৰ চিত। বিশ্বনাথৰ ননকেজাপুৰী গাঁৱৰ আবু হক, দহগাঁৱৰ নিবাসী ৰুস্তম আলীকে ধৰি বহু পৰিয়ালৰ নাম নাহিল এন আৰ চিত।

উপযুক্ত নথিপত্ৰ দিয়াৰ পাছতো কিয় তেওঁলোকৰ নাম বাদ পৰিল তাক লৈ চিন্তিত হৈ পৰিছে পৰিয়াল কেইটা। পুনৰ নামভৰ্তিৰ বাবে একেই তথ্যসহ আবেদন কৰা পৰিয়াল কেইটাই এতিয়া এই আবেদনৰ ভিত্তিত তেওঁলোকৰ নাম এন আৰ চিত আহে নে নাহে তাক লৈ শংকিত হৈ আছে।

প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিত আহিব বুলি চৰকাৰ তথা ন্যায়ালয়ে ঘোষণা কৰাৰ পাছত তেওঁলোকৰ উপযুক্ত নথিপত্ৰ থকাৰ পাছতো কোনো কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এনেদৰে পৰিয়াল কেইটাৰ নাম বাদ পৰিল নেকি তাক লৈও চৰ্চা হৈছে।