অসম

আজিও অভিশাপ কন্যা সন্তান! NRCয়ে পোহৰলৈ আনিলে অসমত নোহোৱা-নোপজা ঘটনা

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ যিসময়ত 'বেটি বচাও বেটি পঢ়াও' শ্ল'গানেৰে দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ উদ্যোগত কন্যা সন্তানৰ সপক্ষে প্ৰচাৰ অভিযান জোৰদাৰ কৰা হৈছে, সেই সময়ত অসমৰ এক ঘটনাই ৰাজ্যবাসীক লজ্জানত কৰিছে। এজন শিক্ষিত পিতৃৰ এই কাহিনী পোহৰলৈ আহে এন আৰ চিৰ জৰিয়তে।

বিশ্বনাথ চাৰিআলিৰ আদৰ্শ বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোণাৰাম ভূঞাই আৰক্ষীক দিয়া এক গোচৰৰ পাছতেই এই অলিখিত কৰুণ কাহিনীক লৈ সৰৱ চৰ্চা চলিছে। ঘটনাৰ বিৱৰণী মতে, লিগেচী ডাটা চুৰি কৰি অকৃতিত্বশীলভাৱে ব্যৱহাৰ কৰাৰ সন্দৰ্ভত ভূঞাই কাষ চাপিছিল আৰক্ষীৰ। এজাহাৰত এই অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীয়ে এগৰাকী মহিলা আৰু কন্যাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছিল।

আৰক্ষীয়ে এই গোচৰৰ সন্দৰ্ভত অনুসন্ধান কৰি মহিলাগৰাকীক সোধপোছ কৰোতেহে গম পোৱা গ'ল প্ৰকৃত ঘটনা। ঘটনাৰ বিৱৰণী মতে, উচ্চশিক্ষিত এইগৰাকী ব্যক্তিয়ে প্ৰথমে বিবাহপাশত আৱদ্ধ হৈছিল যদিও, প্ৰথমা পত্নীয়ে পুত্ৰ সন্তান জন্ম দিব নোৱাৰাৰ বাবেই তেওঁ এগৰাকী দৰিদ্ৰ কম বয়সীয়া যুৱতীৰ সৈতে দ্বিতীয় বিবাহপাশত আৱদ্ধ হৈছিল। ১৯৯৯চনৰ জুন মাহত বিশ্বনাথ চাৰিআলিৰ কে পি মেম'ৰিয়েল হাস্পতালত সোণাৰাম ভূঞাৰ দ্বিতীয় পত্নীয়ে পুত্ৰ সন্তানৰ সলনি জন্ম দিলে কন্যা সন্তান এটিহে। এই কথাতেই ক্ষোভিত হৈ এইজন শিক্ষকৰূপী ব্যক্তিয়ে ঘৰত প্ৰৱেশ কৰিবলৈ নিদিলে দ্বিতীয় পত্নী আৰু সদ্যজাত কন্যা সন্তানক।

স্বামীৰ দ্বাৰা অৱহেলিত হৈ দৰিদ্ৰ মহিলাগৰাকীয়ে আশ্ৰয় ল'বলগীয়া হৈছিল পিতৃগৃহত। তেতিয়াৰ পৰাই পিতৃগৃহত বাস কৰা মহিলাগৰাকীয়ে ন্যায় বিচাৰি আদালতৰো কাষ চাপিছিল। আদালতে মহিলাগৰাকী আৰু কন্যা সন্তানটিক মাহেকীয়া খৰচ দিবলৈ নিৰ্দেশ দিছিল যদিও সেই আদেশো অমান্য কৰিছিল সোণাৰাম ভূঞাই। মাতৃয়ে অশেষ কষ্ট কৰি বৰ্তমান কলেজ পঢ়ি থকা কন্যাক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল।

শেহতীয়াকৈ এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সোণাৰাম ভূঞাক পিতৃ হিচাপে তথ্য প্ৰমাণ আৰু লিগেচী ডাটা ব্যৱহাৰ কৰাত কন্যাৰ নামৰ বিপৰীতে পিতৃৰ নাম সোণাৰাম ভূঞা বুলি সন্নিবিষ্ট হৈছিল। এই কথাতেই ক্ষোভিত হৈ বিশ্বনাথ আৰক্ষী থানাত মহিলাগৰাকীৰ বিৰুদ্ধে সোণাৰাম ভূঞা নামৰ তথাকথিত প্ৰাক্তন অধ্যক্ষগৰাকীয়ে গোচৰ তৰে। আৰক্ষীৰ আগত ছাত্ৰীগৰাকীৰ মাতৃয়ে তেওঁৰ কন্যাৰ জন্মৰ প্ৰমাণপত্ৰ, বিদ্যালয়ৰ প্ৰমাণপত্ৰ দাখিল কৰেহি।

যিবোৰ প্ৰমাণপত্ৰত স্পষ্টকৈ ছাত্ৰীগৰাকীৰ পিতৃৰ নাম সোণাৰাম ভূঞা বুলি উল্লেখ আছে। শিক্ষিত এইগৰাকী ব্যক্তিয়ে আৰক্ষীক বিপথে পৰিচালিত কৰি গোচৰ তৰাৰ পাছত সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দৰিদ্ৰ এই মহিলাগৰাকীয়ে এতিয়া আহ্বান জনাইছে- এনে নীচ ব্যক্তিক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। ডি এন এ পৰীক্ষাৰ দ্বাৰা যুৱতীগৰাকীৰ  প্ৰকৃত পিতৃ কোন তাক পৰীক্ষা কৰিবলৈও প্ৰত্যাহ্বান জনাইছে মহিলাগৰাকীয়ে।

লক্ষণীয় যে, পুত্ৰ সন্তান বিচাৰি এগৰাকী মহিলা আৰু কন্যা সন্তানক যোৱা ১৯ বছৰে এইদৰে অৱহেলা কৰাৰ লগতে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলালে এই শিক্ষকে। ঘটনা সন্দৰ্ভত শিক্ষকগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচৰা হৈছিল যদিও, সোণাৰাম ভূঞাই কোনো মন্তব্য কৰাৰ পৰা এই মুহূৰ্তলৈকে বিৰত আছে।