অসম

এতিয়া 'কা' আন্দোলন কৰি লাভ নাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যৰ কেইবাঠাইত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে 'কা' বাতিলৰ দাবীত আন্দোলন কাৰ্য্যসূচী ৰূপায়ণ কৰিছে। তিনিচুকীয়া, চৰাইদেউ, গুৱাহাটী আদিকে ধৰি বিভিন্ন প্ৰান্তত ছাত্ৰ সংগঠনটোৰ নেতৃত্বত 'কা' বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী গঢ়ি তোলা হৈছে।

এনে সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 'কা' আন্দোলন সন্দৰ্ভত কৰা মন্তব্যই চৰ্চা লাভ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই দেওবাৰে বটদ্ৰৱাত উপস্থিত হৈ কয়-ৰাজনৈতিক দলে আন্দোলন কৰিলে আমি নিৰ্বাচন আয়োগক অভিযোগ তুলিম। পলিটিকেল পাৰ্টীয়ে হায়কৰ্টৰ অৰ্ডাৰ অমান্য কৰিব নোৱাৰে। অৱশ্যে ছাত্ৰ সংগঠনে আন্দোলন কৰাত কোনো বাধা নাই বুলি উল্লেখ কৰে।

ইয়াৰোপৰি তেওঁ কয়- ইতিমধ্যে ৰাজ্যসভা-লোকসভাত পাছ হ'ল বিলখন। আন্দোলন হ'ব লাগিছিল আইন পাছ হোৱাৰ সময়ত। এতিয়া কি লাভ? এতিয়া 'কা' আন্দোলন কৰি লাভ নাই।

আই এম ডি টি আইনৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- আই এম ডি টি আইন কোনো আন্দোলনৰ জৰিয়তে বাতিল হোৱা নাই। এই আইন উচ্চতম ন্যায়ালয়ত বাতিল হৈছে।

গতিকে কেন্দ্ৰীয় চৰকাৰে, ৰাজ্য চৰকাৰে যদি সঁচাই বেয়া কাম কৰিছে ; তেন্তে 'কা' উচ্চতম ন্যায়ালয়ে নিজে বাতিল কৰিব, আমি আন্দোলনৰ কৰিব নালাগে। প্ৰয়োজনত যুক্তিৰ ভিত্তিত বাতিল হ'ব 'কা'। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাচতে ৰাজ্যজুৰি 'কা' প্ৰসংগই পুনৰ চৰ্চা লাভ কৰিছে।