অসম

বিজেপিৰ সব কা চাথ সবকা বিকাশ! নাৰায়ণপুৰত আজিও নাওৰেই চলে অহা যোৱা, চাওক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ চৰকাৰ পৰিবৰ্তন হ'ল ঠিকেই কিন্তু পৰিৱৰ্তন ন'হল ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ যাতায়ত ব্যৱস্থাৰ৷ স্বাধীনতাৰ ৭ দশকৰ পিছতো সোৱণশিৰি নদীত এখন টুলুঙা নাৱেই যাতায়তৰ একমাত্ৰ ভৰসা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ টিকিৰাই-ডিক্ৰংমুখ অঞ্চলৰ ৰাইজৰ।

স্কুলীয়া ছাত্ৰ-ছাত্রীৰ পৰা আৰম্ভ কৰি সাধাৰণ পথচাৰীলৈকে বৃহত্তৰ অঞ্চলটোৰ সকলো লোকেই এখন টুলুঙা নাৱেৰেই নিতৌ অহা-যোৱা কৰে বিদ্যালয় অথবা বজাৰ-সমাৰলৈ বুলি। যি সময়ত চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ 'সব কা সাথ সবকা বিকাশ' শ্ল'গান দি আহিছে, সেই সময়ত ভিতৰুৱা অঞ্চলসমূহত সততে দেখিবলৈ পোৱা এই দৃশ্যসমূহে সাধাৰণ জনতাক ভাবিবলৈ বাধ্য কৰায় যে চৰকাৰে কোনা বিকাশ প্ৰকৃিততে ক'ত?

এয়া বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ-ছাত্রীসকল উচ্চ শিক্ষাৰ বাবে স্থানীয় নামনি ডিক্ৰং উচ্চ মাধ্যমিক বিদ্যালয়লৈ পাঠদান গ্ৰহণ কৰিবলৈ নিতৌ অহা-যোৱা কৰাৰ দৃশ্য। প্ৰায়েই অঞ্চলটোৰ ছাত্র-ছাত্রীসকলে নিজে এনেদৰে নৌকা চলাই আহিব লাগে বিদ্যালয়লৈ৷ বাৰিষা হ'লেই আহিব নোৱাৰা হয় বিদ্যালয়লৈ৷ ফলত বাৰিষাৰ দুই-তিনিমাহ শিক্ষা লাভৰ পৰা বঞ্চিত হ'ব লগাত পৰে এই সকল ছাত্ৰ-ছাত্রী। অতি বিপদসংকুলভাৱে এনেদৰেই জীৱন গঢ়াৰ যুঁজত অৱতীর্ণ হয় এই অঞ্চলৰ ছাত্র-ছাত্রীসকল৷

ইফালে স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে মৰণত শৰণ থৈ এনেদৰে বিপদসংকুল নৌকা যাত্ৰা কৰিব লগীয়া হৈ থকাৰ পিছতো এনে দৃশ্য বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাৰ দৃষ্টিগোচৰ হোৱা নাই বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। শীঘ্ৰে এইসকল লোকৰ যাতায়তৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে অঞ্চলবাসী ৰাইজ আৰু সচেতন মহলে।