অসম

‘নতুন প্ৰতিবিম্ব’ কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত 'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক জলসিঞ্চন বিভাগৰ অভিযন্তা সঞ্জয় মহন্তই ভাবুকি দিয়া কাৰ্যত 'অল আছাম জাৰ্ণালিষ্ট এচ'ছিয়েশ্যন ' চমুকৈ 'আজা'ই তীব্ৰ ভাষাৰে গৰিহণা দিছে।

কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞতিৰ জৰিয়তে সংগঠনটোৰ মুখ্যউপদেষ্টা প্ৰকাশ মহন্ত আৰু সাধাৰণ সম্পাদক এম ছাইফুদ্দিন আহমেদে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত নিৰ্যাতন বৃদ্ধি পোৱা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

'নতুন প্ৰতিবিম্ব' কাকত কৰ্তৃপক্ষই দিছপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত শীঘ্ৰেই অভিযন্তাগৰাকীক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে। অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলিও বিজ্ঞপ্তিটোত সকীয়াই দিয়ে |