অসম

উত্তৰ শালমাৰাত তীব্ৰবেগী ট্ৰাকে ৫০ মিটাৰ চোঁচৰাই নিলে টেম্প’, আহত ৫জন

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ উত্তৰ শালমাৰা চ'কত আজি আবেলি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে প্ৰায় ৫০ মিটাৰ চোঁচৰাই নিয়ে এখন যাত্ৰীভৰ্তি টেম্প'৷ ফলত টেম্প'ত থকা ৫ জন যাত্ৰী আহত হয়৷

ইয়াৰে এটি শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে৷ টেম্প'খনৰ নং এ এছ ১৯ চি ৬৭৯১ আৰু ট্ৰাকখনৰ নং ডব্লিউ বি ২৩ চি ২১৭৫৷ দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকচালক আৰু হেণ্ডিমেনে পলায়ন কৰে৷