অসম

উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ ৰাম মহোৎসৱৰ নামত কামৰূপ জিলাৰ উত্তৰাঞ্চলৰ অধিক সংখ্যক ৰাস মহোৎসৱ আয়োজক সমিতিয়ে মুকলিভাৱে জুৱা খেলৰ প্ৰচলন চলিব দিয়া বিষয়টোৱে সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে, কামৰূপ গ্ৰাম্য জিলাৰ উত্তৰাঞ্চলৰ বাইহাটা চাৰিআলি ৰাস মহোৎসৱৰ দ্বাৰা স্থানীয় মটীয়া পাহাৰত আয়োজন কৰা হয় ৰাস মহোৎসৱৰ। বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত মটীয়া পাহাৰ ৰাসৰ লগতে মদন কামদেৱ দেৱালয়ৰ সমীপৰ ৰাস মহোৎসৱত প্ৰথমদিনপৰা অন্তিমটো দিনলৈ প্ৰায় মুকলিভাৱে চলি থকা জুৱাৰ প্ৰচলনৰ ফলত সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে স্কুল-কলেজৰ শিক্ষাৰ্থীসকলৰ ওপৰত ইয়াৰ প্রভাৱ পৰাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে, মদন কামদেৱৰ সমীপৰ ৰাস মহোৎসৱতো একেই দৃশ্য। সুৰা, ভাং, ড্ৰাগছ সেৱন কৰি জুৱা খেলাসকলৰ মাজত মাৰপিটৰ ঘটনা সৃষ্টি হোৱা বুলিও অভিযোগ উত্থাপিত হৈছে। আনহাতে, উত্তৰ কামৰূপৰ ভিতৰতে সৰ্বজন আকৰ্ষিত অন্যতম ৰাসস্থলী বিহদিয়াৰ কাছকাটা ৰাস মহোৎসৱত জুৱা খেলাৰ বিৰুদ্ধে ৰঙিয়া সদৰ আৰক্ষী থানাত অভিযোগ দিয়াৰ পাছতো কোনো ফল নোপোৱাত বিষয়টো আৰক্ষী বিষয়াক অৱগত কৰে।

অভিযোগকাৰীসকলে জনোৱা মতে, মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে ৰাসস্থলীত জুৱা খেল চলা নাই বুলিহে উত্তৰ দিয়ে। উল্লেখ্য যে, ৰাস মহোৎসৱৰ শেষৰ দিনা একমাত্ৰ জুৱাখেলৰ বাবেই মাৰপিটৰ ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বে বিহদিয়া-কাছকাটা ৰাস মহোৎসৱত শেষৰ দিনা এজন যুৱকৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল।