অসম

৩১ জানুৱাৰীৰ পূৰ্বে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়ৰ নিৰ্দেশ

asomiyapratidin

ডিজিটেল সংবাদ, হাফলংঃ উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অহা ৩১ জানুৱাৰীৰ পূৰ্বে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগক নিৰ্দেশ প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সমৰজিৎ হাফলংৱাৰে ৰাজ্য চৰকাৰে বৰ্তমানৰ পৰিষদখনৰ কাৰ্যকাল বৃদ্ধি কৰিবলৈ চলোৱা যো-জাৰ বিৰোধিতা কৰি দাখিল কৰা পিআইএল নিষ্পত্তি কৰি এই নিৰ্দেশ প্ৰদান কৰে ন্যায়ালয়ে।

যদিহে ৩১ জানুৱাৰীৰ ভিতৰত নিৰ্বাচন সম্পন্ন কৰাত কোনো বিশেষ জটিলতাই দেখা দিয়ে তেন্তে আগন্তুক বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈকো স্পষ্টকৈ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে।

আনহাত নিৰ্দেশনা জাৰি কৰা দিন আৰু ভোট গণনাৰ দিনৰ মাজৰ পৰ্যাপ্ত ব্যৱধান সুনিশ্চিত কৰিবলৈ যিমানদূৰ সম্ভৱ সিমান সোনকালে নিৰ্বাচন সম্পৰ্কীয় নিৰ্দেশনা প্ৰকাশ কৰিবলৈকো নিৰ্দেশ প্ৰদান কৰিছে আদালতে।

অধিবক্তা দেছৰিন থাওছেনে জনোৱা মতে আদালতে এই ব্যৱধান ৪০-৪৪ দিন হোৱা উচিত বুলিও স্পষ্ট কৰি দিছে আদালতে। তালৈ চাই নিৰ্বাচন সম্পৰ্কীয় নিৰ্দেশনা চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে প্ৰেৰণ কৰাৰ সম্ভাৱনা প্ৰায় স্পষ্ট হৈ পৰিছে।