অসম

বিশেষ মেলাঃ উত্তৰ গুৱাহাটীত গোপাল উৎসৱত পালন…

asomiyapratidin

ডিজিটেল ডেস্কঃ এখন বিশেষ মেলা আৰম্ভ। এই মেলাখন নহয় অন্য মেলাৰ দৰে, ই কিছু ব্যতিক্ৰম। কলৰ মেলা এইখন। জাহাজী, মালভোগ, চেনীচম্পাৰ লগতে সকলো প্ৰজাতিৰ উপলব্ধ হয় এই বিশেষ মেলাখনত। কিন্তু বিশেষ কথাটো হ'ল যে, এই মেলাখনত কলৰ খোৱাদ ল'বলৈ কোনো ধৰণৰ ধন দিব নালাগে।

বিগত বছৰৰ দৰে এইবাৰো উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত গোপাল থানত অনুষ্ঠিত হয় গোপাল উৎসৱ। গোপাল উৎসৱত পকা কল আগবঢ়াই মনৰ কামনা পূৰণৰ উদ্দেশ্যে নেদেখাজনৰ আশীষ মাগে ৰাজ্যৰ বিভিন্ন প্রান্তৰৰ ভক্তপ্রাণ ৰাইজে। জন বিশ্বাস অনুসৰি কল আগবঢ়ালে মাঘিপূৰ্ণিমাত পূৰ্ণ হয় মনৰ কামনা। যি পৰম্পৰা চলি আছে যুগ যুগ ধৰি।