অসম

২৩ আৰু ২৪ অক্টোবৰত গুৱাহাটীত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’…

asomiyapratidin

ডিজিটেল ডেস্কঃ গুৱাহাটীত অহা ২৩ আৰু ২৪ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দ্বিতীয় নৰ্থ ইষ্ট মেডিকেল এক্সপ'। চিকিৎসা সঁজুলি আৰু হাস্পতাল খণ্ডৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ শীৰ্ষস্থানীয় এই এক্সপ' অনুষ্ঠিত হ'ব গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত। কোভিডৰ পৰিৱৰ্তী পৰ্যায়ত চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডৰ স্বাস্থ্য কেন্দ্ৰ সমূহৰো যথেষ্ট উন্নতি সাধন হৈছে। এই দুদিনীয়া এক্সপ'ত চিকিৎসা খণ্ডৰ সঁজুলি প্ৰস্তুতকাৰী প্ৰতিষ্ঠান, ডীলাৰ, ডিষ্ট্ৰিবিউটৰ, চিকিৎসক, হাস্পতাল মেনেজমেন্ট টীম, চিকিৎসা সংস্থাৰ সদস্য, চিকিৎসা মহাবিদ্যালয়, সকলো ৰাজ্যিক চিকিৎসা বিভাগ আৰু অন্যান্য চিকিৎসা প্ৰতিষ্ঠানসমূহক এখন মঞ্চ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।

দ্বিতীয়বাৰলৈ অনুষ্ঠিত হ'বলগীয়া এই প্ৰদৰ্শনীত দিল্লী, গুজৰাট, কলকাতা, মুম্বাই আৰু চেন্নাইকে ধৰি দেশৰ সকলো প্ৰান্তৰ প্ৰদৰ্শনকাৰীয়ে অংশগ্ৰহণ কৰিব। আয়োজকসকলৰ মতে এই প্ৰদৰ্শনীত থাকিব ৭৫তনকৈও অধিক প্ৰদৰ্শনকাৰী। এই এক্সপ'ত ১০০০তকৈও অধিক লোকৰ আগমন ঘটিব বুলি আশা কৰা হৈছে। ইয়াৰ ভিতৰত থাকিব বিভিন্ন হাস্পতালৰ স্বত্বাধিকাৰী, প্ৰবন্ধক, ক্ৰয় বিভাগৰ প্ৰতিনিধি, চৰকাৰী বিষয়ববীয়া ইত্যাদি। উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্য সেৱা খণ্ডত এই এক্সপ'ৰ জৰিয়তে তেওঁলোকে বিক্ৰী বৃদ্ধি, সহযোগিতা স্থাপন, বিনিয়োগ আৰু নেটৱৰ্কিং তথা বিপণনৰ ক্ষেত্ৰত নতুন সুযোগৰ সন্ধান কৰিব পাৰিব।