অসম

নৰ্থ বেংক কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰৰ গুৰুতৰ অভিযোগ, তদন্ত আৰম্ভ

asomiyapratidin

ডিজিটেল সংবাদ, ঘিলামৰাঃ ঘিলামৰা নৰ্থবেংক মহাবিদ্যালয়ত অৰাজক পৰিৱেশে বিৰাজ কৰিছে। পৰীক্ষা বহীত ডব্লিউ দিয়া সন্দৰ্ভত মুখ খুলিছে মহাবিদ্যালয়ৰ অধ্যক্ষই।

অধ্যক্ষ যুগল শইকীয়াই  তেওঁৰ লগতে মহাবিদ্যালয়খনৰ বিৰুদ্ধে অনা অভিযোগ নসাৎ কৰি সংবাদ মাধ্যমৰ আগত কয়, এয়া নাভূত-নাশ্ৰুত ঘটনা।

এই ঘটনাৰ লগত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ জড়িত নহয় বুলি কোৱাৰ লগতে এয়া অধ্যক্ষ তথা মহাবিদ্যালয়ৰ গুণ-গৰিমাক কালিমা সানিবলৈ বিচৰা এক ষড়যন্ত্ৰহে বুলি অভিহিত কৰে।

উল্লেখ্য যে, নৰ্থবেংক মহাবিদ্যালয়ৰ যোৱা ১৪ জুলাইত ঘোষিত স্নাতক ষষ্ঠ ষান্মাষিকৰ পৰীক্ষাৰ ৬ গৰাকীকৈ ছাত্ৰৰ ফলাফল নহাত ছাত্ৰসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা  আৰ টি যোগে পৰীক্ষাৰ ফলাফল বিচাৰে।

অধ্যক্ষ যুগল শইকীয়াৰ বিৰুদ্ধে সন্দেহৰ আঙুলি ছাত্ৰৰ

কাজেই বিশ্ববিদ্যালয়ৰ পৰা ফলাফলো প্ৰদান কৰে। কিন্তু, ফলাফলটোত ছাত্ৰ কেইজনৰ উত্তৰ বহীত ডব্লিউ চিহ্ন দিয়া আছিল। কি কাৰণত ছাত্ৰসকলৰ ভৱিষ্যতক লৈ এনে খেলা কৰিলে বুলি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ কেইগৰাকীয়ে।

ইয়াৰ অংশ ৰূপে ছাত্ৰ কেইজনে এক অনশন কাৰ্যসূচীও ৰূপায়ণ কৰে মহাবিদ্যালয়ৰ চৌহদত। এতিয়া প্ৰশ্ন হয়! ছাত্ৰ কেইজনৰ উত্তৰ বহীত কোনে ডব্লিউ চিহ্ন লিখিলে?

এই বিষয়ত ছাত্ৰসকলে কৰা প্ৰতিবাদৰ পাছত লখিমপুৰ জিলা প্ৰশাসনে তদন্তৰ নিৰ্দেশ দিছে আৰু লখিমপুৰৰ উন্নয়ন আয়ুক্ত ডি বৈশ্যই তদন্ত আৰম্ভ কৰিছে।