অসম

মহানগৰীত ৩৫ ফুট দ কুঁৱাত পৰা মহিলাক জীৱন্তে উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৃহস্পতিবাৰে পুৱাই মহানগৰীৰ নুনমাটিৰ মাধৱপুৰত প্ৰায় ৩৫ ফুট দ কুঁৱাত পৰিল এগৰাকী মহিলা। নেপালী চ'কৰ আৱাসী মহিলাগৰাকী ৰেণুকা লহকৰ (৬৫) বুলি জানিব পৰা গৈছে। স্বামী উমানন্দ লহকৰে পুৱা ঘৰত মহিলাগৰাকীক নেদেখি বিচাৰোতে প্ৰত্যক্ষ কৰে দ কুঁৱাটোত।

ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰৰ বাবে আহ্বান জনাই এই ঘটনা অৱগত কৰা হয় আৰক্ষীৰ নিয়ন্ত্ৰন শাখাত। পুৱা ৫.৩০ বজাত পোৱা এই খবৰৰ পিছতে চানমাৰী আৰু গুৱাহাটীৰ অগ্নি নিৰ্বাপক বাহিনীৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে।

অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী দলে জখলা, ৰচীকে আদি কৰি বিভিন্ন সা-সামগ্ৰী ব্যৱহাৰেৰে উদ্ধাৰ কৰে মহিলাগৰাকীক। উল্লেখ্য যে, উদ্ধাৰ অভিযানৰ সময়ত মহিলাগৰাকীয়ে উশাহ লোৱাত অসুবিধা নাপাবৰ বাবে কুঁৱাটোত যোগান ধৰা হয় অস্কিজেনৰ। ৪০ মিনিট জোৰা উদ্ধাৰ অভিযানৰ পিছতে জৰুৰীকালীন সেৱাৰ কৰ্মচাৰী দিলীপ উৰাং আৰু প্ৰশান্ত পেগুৰ নেতৃত্বৰ দলটোৱে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।