অসম

নিৰ্মাণ শ্ৰমিকৰ ধৰ্মঘট..

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও: ভাৰতৰ নিৰ্মাণ শ্ৰমিক ফেডাৰচনৰ আহ্বানত নিৰ্মাণ শ্ৰমিকৰ দেশজোৰা ধৰ্মঘট কাৰ্যসূচী হিচাপে নগাঁও মহাবিদ্যালয়ৰ ক্লক টাৱাৰৰ সন্মূখত বৃহস্পতি বাৰে নগাঁও জিলাৰ শ্ৰমিক ইউনিয়নে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। নিৰ্মাণ শ্ৰমিক আইন ৰক্ষা কৰক,নিৰ্মাণ শ্ৰমিকৰ কল‍্যান ধন শ্ৰমিকৰ কল‍্যানৰ অৰ্থে ব‍্যৱহাৰ কৰাকে লৈ ৯দফীয়া দাবীৰে উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।প্ৰতিবাদৰ অন্তত ৯দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ নগাঁৱৰ উপায়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শ্ৰম আয়ুক্তলৈ প্ৰেৰণ কৰিব বুলি প্ৰতিবাদকাৰীয়ে জানিবলৈ দিয়ে।