অসম

নগাঁও পৌৰসভাৰ নিৰ্বাচনী যুঁজ অব্যাহতঃ দলীয় প্ৰাৰ্থীক লৈ ৰনক্ষেত্ৰত বিজেপি, কংগ্ৰেছৰ বাঘা বাঘা নেতাৰ প্ৰচাৰ…

asomiyapratidin

ডিজিটেল সংবাদ নগাঁও : ৰাজ্যৰ ভিতৰতে এখন পুৰণি চহৰ নগাঁও ৷ এই পুৰণি চহৰখনৰ নগাঁও পৌৰসভাৰ নিৰ্বাচন ৷ ৬ মাৰ্চত নগাঁও পৌৰসভাৰ অধীনৰ ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ ৷ নিৰ্বাচিত কৰিব ৱাৰ্ডৰ কমিচনাৰ ৷ ২৬ টা ৱাৰ্ডৰে গঠিত নগাঁও পৌৰসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে ভোটাৰক আকৃষ্ট কৰিবলৈ প্ৰচাৰ অভিযান চলাই আছে ৷ বিজেপিৰ প্ৰাৰ্থীসকলৰ হৈ বিধায়ক ৰূপক শৰ্মাই প্ৰচাৰ চলাইছে ৷ মিত্ৰদল অগপ প্ৰাৰ্থীৰ হৈও সমানে প্ৰচাৰ চলাইছে বিধায়কজনে ৷ বিৰোধী কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক ৰকিবুল হুছেইন, নেতা শান্তনু শৰ্মা আদিয়ে ৷

২৬ টা ৱাৰ্ডৰ ভিতৰত ১ নং ৱাৰ্ডটো হৈছে পৌৰসভাৰ এক গুৰুত্বপূৰ্ণ ৱাৰ্ড ৷ এই ৱাৰ্ডটোৰ পৰা প্ৰয়াত জীতেন শইকীয়া দুবাৰ পৌৰপতি, প্ৰহ্লাড টোডী এবাৰ পৌৰপতি, প্ৰয়াত যদুৰাম শইকীয়া এবাৰ উপ-পৌৰপতি, চন্দনা শইকীয়া এবাৰ উপ-পৌৰপতি হৈছিল ৷ এইবাৰ ৱাৰ্ডটো এছ টি মহিলাৰ বাবে সংৰক্ষিত ৷ কংগ্ৰেছৰ প্ৰাৰ্থী হৈছে কৃত্তিকা ৰায় আৰু বিজেপি প্ৰাৰ্থী হৈছে মল্লিকা সুত্ৰধৰ ৷ কৃত্তিকা আৰু মল্লিকাৰ মাজতে সীমাবদ্ধ নিৰ্বাচনী যুঁজ ৷ মুঠ ভোটাৰৰ সংখ্যা ১৮৯৫ ৷ ভোটকেন্দ্ৰ মাৰোৱাৰী হিন্দী বিদ্যালয় ৷ উল্লেখ্য যে, ৱাৰ্ডটোত কংগ্ৰেছৰ প্ৰাৰ্থী কৃত্তিকা ৰায়ৰ ঠিকনা ২ নং ৱাৰ্ডত ৷ মাৰোৱাৰী, বঙালী, অসমীয়া লোকৰ বসতি প্ৰধান ৱাৰ্ডটোত জাবৰ, নলা মূল সমস্যা বুলিব পাৰি।

তেলিয়াপট্টি , শান্তিপুৰ , চানমাৰি একাংশ আদিক লৈ নগাঁও পৌৰসভাৰ ২ নং ৱাৰ্ড ৷ ৱাৰ্ডটোত প্ৰতিদ্বন্দিতা কৰিছে দুগৰাকীয়ে ৷ বিজেপিৰ বুল বুল সাহা আৰু কংগ্ৰেছৰ ভাৰতী ৰানী পাল ৷ শান্তিপুৰ ৱাৰ্ডটো দ স্থান হোৱাৰ বাবে বাৰিষা কৃত্ৰিম বানৰ সৃষ্টি হয় ৷ ৱাৰ্ডটোত মুঠ ভোটাৰ ৪৭৮০ জন ৷

৩ নং ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰিছে তিনিগৰাকী প্ৰাৰ্থীয়ে ৷ তিনিও গৰাকী প্ৰাৰ্থীৰ ঘৰ মাধবদেব পথত ৷ বিজেপিৰ প্ৰাৰ্থী হৈছে নবস্মিতা মেধি বৰা (মুন ) , কংগ্ৰেছৰ মেঘালী বৰা আৰু নিৰ্দলীয় মণিকা লিগিৰা ৷ বিনাপানী , উত্তৰ হয়বৰগাঁও , মাজৰআটি চাৰিআলি আদিক লৈ গঠিত ৱাৰ্ডটো ৷ মুঠ ভোটাৰ আছে ৩৩৩৯ জন ৷

পুৰণি এ টি ৰোড , শনি মন্দিৰ , হনুমান মন্দিৰ আদি এলেকাক লৈ গঠিত ৪ নং ৱাৰ্ড ৷ এই ৱাৰ্ডটোৰ মূল সমস্যা হৈছে যানযতৰ সমস্যা ৷ ২৮০৬ জন ভোটাৰক লৈ গঠিত ৱাৰ্ডটো ৷ প্ৰতিদ্বন্দিতা কৰিছে দুগৰাকী প্ৰাৰ্থীয়ে ৷ কংগ্ৰেছ দলৰ মালিনী গুপ্তা আৰু বিজেপি দলৰ হেমা ঝাঁৱাৰ ৷

৫ নং ৱাৰ্ডটোত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী দুজন ৷ বিজেপি দলৰ প্ৰাৰ্থী গজেন বৰা ৷ নিৰ্দলীয় প্ৰাৰ্থী হৈছে প্ৰাৰ্থনা দাস ৷ দাসৰ প্ৰতিক চিহ্ন শৰাই ৷ ভগনীয়া চুক, দক্ষিন হয়বৰগাঁও আদি এলেকাক সামৰি লৈছে এই ৱাৰ্ডটোয়ে ৷ ৱাৰ্ডটোৰ ভোটকেন্দ্ৰ হৈছে হয়বৰগাওঁ বিবেকানন্দ বিদ্যাপীঠ, দক্ষিন হয়বৰগাঁও নেহৰু বিদ্যাপীঠ ৷