অসম

তেজপুৰত ভোট বৰ্জনৰ সিদ্ধান্তঃ ৰাইজৰ ৰায় অমান্য কৰিলে ৫ হাজাৰ টকা জৰিমনা, ১২ বছৰলৈ এঘৰীয়া

asomiyapratidin

ডিজিটেল সংবাদ, তেজপুৰঃ ৰাজ্যখনৰ আগন্তক পঞ্চায়ত নিৰ্বাচনক লৈ সন্তুষ্ট নহয় ৰাজ্যবাসী৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ কোৰাল গ্ৰাসৰ পৰা মুক্ত হৈ যি পৰিৱৰ্তনৰ আশাত ৰাইজে বিজেপিক শাসনত বহুৱাইছিল সেই বিজেপিয়ে এতিয়া সাধাৰণ জনতাৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হোৱা নাই৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে বিতৰ্কিত বিষয় উত্থাপন কৰি জাতিৰ অস্তিত্ব সংকতত পেলাব বিচাৰিছে বিজেপিয়ে৷ শাসনলৈ অহাৰ দুটা বছৰ পাৰ হোৱাৰ পিছতো এতিয়াও ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বাট-পথ, চিকিৎসা, খোৱা পানীৰ তথৈবচ অৱস্থাই ক্ৰমশ ক্ৰোধিত কৰি তুলিছে ৰাজ্যবাসীক৷

যাৰ পৰিপ্ৰেক্ষিতত আগন্তক পঞ্চায়তত ভোট বৰ্জনৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে৷ দধিয়াৰ ৰাইজৰ ভোটবৰ্জনৰ কঠোৰ সিদ্ধান্তৰ পিছত এইবাৰ তেজপুৰতো ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে৷ তেজপুৰৰ থিয়আটি-কলাবাৰী ৰাজোৱাৰ গাঁওবাসীয়ে বুধবাৰে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

আনহাতে ভোট বৰ্জনৰ সময়ত যদি কোনো লোকে গাঁওবাসীৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ ভোটদান কৰে, তেন্তে তেনে লোকক ৫ হাজাৰ টকা জৰিমনাৰ লগতে ১২ বছৰলৈ এঘৰীয়া কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে ৰাইজে৷ থিয়আটি-কলাবাৰী ৰাজোৱাৰ ৰাইজে বুধবাৰে এক ৰাজহুৱা সভাৰ আয়োজন কৰি ৰাজহুৱাভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰে৷

বিগত কালছোৱাত অঞ্চলটোৰ উন্নয়নত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে৷ অঞ্চলটোত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা৷ নাই চিকিৎসা সেৱা কিম্বা বাট পথো৷ ৰাইজে এই সন্দৰ্ভত বহুবাৰ আবেদন নিবদন কৰি অহাৰ পিছতো কোনো সুফল পোৱা নাই৷ যাৰ ফলত চৰকাৰখনৰ প্ৰতি আস্থা হেৰুৱাইছে অঞ্চলবাসীয়ে৷

আনহাতে অঞ্চলবাসী ৰাইজে অভিযোগ কৰা মতে, কংগ্ৰেছ, অগপ, বিজেপি কোনো দলৰ প্ৰনিধিয়েই অঞ্চলটোৰ বাবে চিন্তা কৰা নাই৷ প্ৰতিবাৰে নিৰ্বাচনৰ সময়ত ন ন আশ্বাস প্ৰদান কৰি জয়ী হৈ যায় যদিও পিছত সাধাৰণ ৰাইজক পাহৰি যায় বুলি অভিযোগ কৰে ৰাইজে৷ যাৰ ফলত ভোট বৰ্যনৰ দৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৰাইজে৷ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিও ভোট বৰ্জনৰ সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰে থিয়আটি-কলাবাৰী ৰাজোৱাৰ গাঁওবাসীয়ে৷