অসম

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ খবৰেই সঁচা হ’ল, বুধবাৰৰ নিশা ১২ বজাৰ পৰা অসমত বাতিল হ’ব ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা…

asomiyapratidin
  • আজি নিশা ১২ বজাৰ পৰা অসমত বন্ধ কৰি দিয়া হ'ব ইন্টাৰনেট সেৱা।
  • প্রথমে ৪৮ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বাতিল হ'ব অসমত।
  • কেবৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে ছ'চিয়েল মিডিয়াত সৃষ্টি হোৱা জনমতৰ বাবে প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।
  • অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে পূৰ্বতেই যিকোনো সময়তে অসমত ইণ্টাৰনেট সেৱা বাতিল হ'ব বুলি বাতৰি পৰিৱেশন কৰিছিল।
  • সেই বাতৰি সঁচা প্ৰমাণিত কৰি ৰাজ্য চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
  • জম্মু-কাশ্মীৰৰ দৰে উত্তৰ-পূবত কেবৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ ৰুদ্ধ কৰিবলৈ চৰকাৰে ল'লে এই ভয়ংকৰ পদক্ষেপ।
  • প্রথমে ত্ৰিপুৰা আৰু অৰুণাচলত ইণ্টাৰনেট সেৱা বাতিল কৰিছিল চৰকাৰে।
  • তাৰপাছত অসমত বুধবাৰৰ নিশা ১২ বজাৰ পৰা বাতিল কৰাৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে।
  • ইয়াৰ ফলত সংবাদমাধ্যমৰ লগতে চৰকাৰী কাম-কাজ, বেংক খণ্ডৰ কাম-কাজত ব্যাপক প্ৰভাৱ কৰিব।
  • চৰকাৰৰ এই চৰম সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰাৰ সম্ভাৱনা আছে।