অসম

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত বিদ্যুৎ বিচ্ছিন্ন, অন্ধকাৰত ডুব গৈছে চৰাঞ্চল, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত হাজো উপসংমণ্ডলৰ অধীনত চলি আছে বিদ্যুৎ সেৱা। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰচুলিয়া, কুৰিহামাৰী, ভাংনামাৰী, শিয়ালমাৰী আদি গাঁৱত যদি অলপ বৰষুণ বা গছৰ পাত যদি অলপ লৰ-চৰ কৰে তেতিয়াই কৰ্তন কৰা হয় বিদ্যুৎ। ২১ মে'ৰ মাজনিশা ২ বজাত বিদ্যুৎ কৰ্তন কৰা উক্ত অঞ্চল সমূহত বৰ্তমানলৈ অৰ্থাৎ শনিবাৰে সন্ধিয়া ৮ বজা পৰ্যন্ত অহা নাই বিদ্যুৎ। যাৰ বাবে শিয়ালমাৰী, বৰচুলিয়া, কুৰিহামাৰী, ভাংনামাৰী আদি গাঁৱৰ ৰাইজে বিদ্যুৎ বিভাগৰ প্ৰতি ক্ষোভ উজাৰিছে।

কেৱল এইবাৰেই নহয় বিদ্যুৎ সংযোগ হোৱাৰে পৰাই গাঁও কেইখনত যদি অলপ বৰষুণ বা সামান্য বতাহ আহে তেতিয়াই বিদ্যুৎ কৰ্তন কৰা হয় বুলি স্থানীয় লোকে অভিযোগ তুলিছে। কেৱল বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ৰাইজৰ বাবেই বিদ্যুতৰ নাটনি হয় নে, নে অসমৰ আন ঠাইতো বিদ্যুতৰ নাটনি হয় এয়াই এতিয়া চৰাঞ্চলৰ ৰাইজৰ প্ৰশ্ন? ২৪ ঘন্টা বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা এইখন চৰকাৰৰ দিনতো নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ ৰাইজে ১২ ঘন্টাৰ পৰা ২৪ ঘন্টা পৰ্যন্ত বিদ্যুতৰ পোহৰৰ পৰা বঞ্চিত হৈ অন্ধকাৰত থাকিবলগীয়া হয়!

ৰাইজে সময় মতে বিদ্যুতৰ মাচুল ঠিকেই পৰিশোধ কৰে যদিও হাজো উপসংমণ্ডলৰ অধীনত থকা বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ শিয়ালমাৰী, বৰচুলিয়া, কুৰিহামাৰী আৰু ভাংনামাৰী আদি গাঁৱৰ ৰাইজে নিয়মীয়া বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উঠিছে। চৰাঞ্চলত বিদ্যুত সেৱা নিয়মীয়া কৰিবলৈ অসম চৰকাৰ আৰু শক্তি বিভাগৰ ওচৰত দাবী উত্থাপন কৰিছে বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ লোকে।