অসম

সন্মুখত নিৰ্বাচন, ৩ প্ৰধান ৰাজনৈতিক দলৰ কাৰ্যালয়ত ওলমি আছে তলা

asomiyapratidin

ডিজিটেল সংবাদ, নগাঁওঃ লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই ৰাজনৈতিক দল সমূহৰ মাজত বৃদ্ধি পাইছে তৎপৰতা। কিন্তু অসমৰ মুঠ ১৪ টা সমষ্টিৰ প্ৰাৰ্থী নিৰ্বাচনক লৈ এতিয়া অগপ-বিজেপি, কংগ্ৰেছ, এ আই ইউ ডি এফ প্ৰায় সকলো দল যেন বিবুদ্ধিত পৰাহে পৰিলক্ষিত হৈছে। বিশেষকৈ ৰাজ্যখনৰ দুটা গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি তেজপুৰ আৰু নগাঁও সমষ্টি দুটাত প্ৰাৰ্থিত্ব নিৰ্বাচনক লৈ বিজেপিয়ে কেন্দ্ৰীয় নেতৃত্বৰ লগত অব্যাহত ৰাখিছে জোৰদাৰ আলোচনা।

নিৰ্বাচনী তৎপৰতাৰ বিপৰীতে মঙলবাৰে দেখা পোৱা গ'ল নগাঁৱত এখন বিপৰীত ছবি। দুই মিত্ৰদল অগপ আৰু বিজেপিৰ নগাঁও কাৰ্যালয়ত ওলমিল প্ৰকাণ্ড তলা। জিলা খনৰ কংগ্ৰেছৰ কাৰ্যালয়তো নাই নিৰ্বাচনী ব্যস্ততা। আনহাতে দুটাকৈ ৰাজনৈতিক দলৰ মুখ্য কাৰ্যালয়ৰ মূল গেটত তলা ওলমি থকাৰ দৃশ্যই প্ৰমান কৰে যে কোনো নিৰ্বাচনী পৰিৱেশ সৃষ্টি হোৱা নাই জিলাখনত।

উল্লেখ্য যে, নগাঁও সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা ৰাজ্যিক ৰে'ল মন্ত্ৰী ৰাজেন গোহাঁইৰ পত্নী ৰীতা গোহাঁইক প্ৰাৰ্থিত্ব প্ৰদানক লৈ চৰ্চা চলিছিল যদিও শেষ মুহূৰ্তত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই আৰ এছ এছ নেতা দিপলু শৰ্মাক দিল্লীলৈ মাতি পঠিওৱাৰ খবৰ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিতত ৰাজেন গোহাঁইৰ পত্নীয়ে টিকট লাভ পাব নে নাই তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।

অগপ বিজেপিৰ নগাঁও জিলা কাৰ্যালয়ৰ মূল গেটত তলা ওলমাৰ বিপৰীতে লোকসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। জিলাখনৰ দল-সংগঠনৰ নেতৃত্বৰ ফোন নম্বৰ লৈ প্ৰত্যক্ষ্যভাৱে যোগাযোগ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে। ইফালে, নগাঁৱত বিজেপিয়ে আজিলৈকে ঠিকেই কৰিব পৰা নাই প্ৰাৰ্থীৰ নাম।