অসম

কাজিৰঙাত কাৰ্বি জনগোষ্ঠীৰ নিংকানকিমি উৎসৱ উদযাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, কাজিৰঙা : ফেব্ৰুৱাৰী মাহটো কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ বাবে এটা বিশেষ দিন‌‌। কিয়নো ১ ফ্ৰেব্ৰুুৱাৰীৰ পৰাই কাৰ্বি নৱবৰ্ষৰ আৰম্ভণি হয়। কাৰ্বি ভাষাত নিংকানকিমি অৰ্থাৎ কাৰ্বি নৱবৰ্ষৰ প্ৰথম দিনটো আনন্দ উল্লাসৰ মাজেৰে পাৰ কৰে কাৰ্বি জনগোষ্ঠীৰ লোকসকলে।

কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে থকা চন্দ্ৰ সিং ৰংপী গাঁৱত অতীজৰে পৰা বাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলেও দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচী উলহ মালহেৰে উদযাপন কৰা দেখা গ’ল ৷

কাৰ্বি জনবসতিপূৰ্ণ আঠ খন গাওঁৰ ৰাইজে জনগোষ্ঠীয় ৰীতি নীতিৰে পূজা অৰ্চনা কৰাৰ লগতে পৰম্পৰাগত বিভিন্ন খেল ধেমালীৰে নৱবৰ্ষ উদযাপন কৰা পৰিলক্ষিত হ'ল ৷ পৰম্পৰা অনুসৰি এই দিনটোৰ পৰাই কাৰ্বিসকলে ঝুম খেতি কৰিবলৈও প্ৰস্তুতি চলায়।