কাহিনী হৈ পৰা কেইখনমান ফটোঃ যিয়ে ধৰি ৰাখিছে সোণালী যুগৰ, সোণালী সময়...
কাহিনী হৈ পৰা কেইখনমান ফটোঃ যিয়ে ধৰি ৰাখিছে সোণালী যুগৰ, সোণালী সময়...  
অসম

কাহিনী হৈ পৰা কেইখনমান ফটোঃ যিয়ে ধৰি ৰাখিছে সোণালী যুগৰ, সোণালী সময়...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ফটোৱেও কয় কাহিনী। ধৰি ৰাখে সময়। এৰি অহা সময়ৰ এনে কিছু বিৰল মুহূৰ্তক কাব্যঋষিৰ মহাপ্ৰয়াণৰ পিছত তুলি ধৰাৰ প্ৰয়াস। সংলগ্ন ফটোবোৰ কেৱল এখন ফটো নহয়। প্ৰতিখন ফটোৱেই একোটা কাহিনী। প্ৰতিখন ফটোৱেই জাতিৰ চিনাকী।

আপোন সহোদৰ স্বৰূপ শিৱনাথ বৰ্মনৰ সৈতে নীলমণি ফুকনৰ আছিল গভীৰ আত্মীয়তা। সেই আত্মীয়তাৰ তাদিগাতে শিৱনাথ বৰ্মনে লিখিছিল 'নীলমণি নমস্কাৰম্। হয়তো তেওঁ ভাবিছিল জ্যেষ্ঠ ভাতৃক শেষ নমস্কাৰ তেওঁ জীয়াই নাথিকিব।
আজিৰ চিন্তা নায়ক ৰূপে চৰ্চিত ড০ হীৰেন গোহাঁইৰ সৈতে আছিল 'কাব্যঋষি'ৰ অভিন্ন হৃদয়ৰ সম্পৰ্ক। সেয়েহে আজি জ্যেষ্ঠ ভাতৃ তথা অসমৰ সাহিত্য জগতৰ নক্ষত্ৰ নীলমণি ফুকনৰ মৃত্যুত বাৰুকৈয়ে মৰ্মাহত তেওঁ। পুৱা খবৰ পায়েই জি এম চি এইছত পত্নী ৰাণী গোহাঁইৰ সৈতে উপস্থিত হোৱা ড০ গোহাঁইয়ে বাকৰুদ্ধ হৈ দীৰ্ঘ সময় পাৰ কৰে চিকিৎসালয়খনত। ঘৰলৈ উভতাৰ পিছতো স্বাভাৱিক হোৱা নাই তেওঁৰ মন। পূৰ্বৰ সান্নিধ্যৰ সোণোৱালী ক্ষণবোৰে বাৰে বাৰে হৃদয় জোকাৰি গৈছে তেওঁৰ।
জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন কেৱল কবিয়েই নাছিল। আছিল চিত্ৰ শিল্পীও। সেয়ে চিত্ৰ শিল্প জগতখনৰ বাবেও আছিল তেওঁ অভিভাৱক স্বৰূপ। প্ৰায়েই বিশিষ্ট চিত্ৰ শিল্পীসকলে তেওঁৰ পৰামৰ্শ ল'বলৈ গৈছিল। তেনে এক নিবিড় মুহূৰ্তক এইদৰেই কেমেৰাৰ লেঞ্চে বান্ধি থৈ গ'ল ননী বৰপূজাৰী আৰু নীলমণি ফুকন।
পুত্ৰ অমিতাভ ফুকনে পিতৃৰ বক্ষত দেখিছিল এখন বিশাল সৰোবৰ। এই অমৃত সৰোবৰতে সাঁতুৰি-নাদুৰি তেওঁ জীৱনৰ সন্ধান কৰিছিল। তাৰেই আধাৰত এদিন লিখি পেলাইছিল 'মই দেখা নীলমণি'। হতচকিত হৈ উঠা কাব্যঋষিয়ে তেওঁৰ হাতত তুলি দিয়া গ্ৰন্থখন লৈ পুত্ৰৰ হৃদয়ৰ পৃষ্ঠা পঢ়াৰ মুহূৰ্ত ধৰি ৰাখিছিল কাৰোবাৰ কেমেৰাই।
গীত আৰু চিত্ৰ শিল্পৰ যুগলবন্দী দিপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱাক সকলোৱে জানে। কিন্তু কাব্যঋষি নীলমণি ফুকনৰ সৈতে থকা নীলপৱন বৰুৱাৰ ঘনিষ্ঠ সম্বন্ধৰ কথা বহুতেই নাজানে। কিন্তু এনেবোৰ ক্ষণ ইতিহাসৰ প্ৰয়োজনতেই যেন থাকি যায় কেমেৰাৰ লেঞ্চ অথবা কাৰোবাৰ এলবামত।
বন্ধু, প্ৰশাসনিক বিষয়া দিলীপ বৰঠাকুৰৰ সৈতে নীলমণি ফুকন। বৰুৱা বামুণগাওঁ চেনিকলৰ প্ৰাক্তন সঞ্চালক তথা কবিৰ অভিন্ন হৃদয়ৰ এইগৰাকী বন্ধুৰ নামতেই উৎচৰ্গা কৰিছিল তেওঁৰ জীৱনৰ প্ৰথমখন কাব্যগ্ৰন্থ 'কাব্য হেনো নামি আহে এই নদীয়েদি'