অসম

ৰঙিয়াত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম ৰাজ্যিক সন্মিলনৰ আয়োজন

asomiyapratidin

ডিজিটেল সংবাদ, ৰঙিয়াঃ নাৰী মুক্তি, গণতন্ত্ৰ আৰু সম অধিকাৰৰ হকে যুঁজ দি অহা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ একাদশ অসম ৰাজ্যিক সন্মিলনখন অহা ২১, ২২ আৰু ২৩ ছেপ্টেম্বৰত বৃটিছবিৰোধী সংগ্ৰামৰ ঐতিহ্যৰে সমৃদ্ধ চহৰ ৰঙিয়াত অনুষ্ঠিত হ'ব। ২১ তাৰিখে ৰখিয়াৰ ঈদগাহ ময়দানত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত অংশ ল'ব নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সৰ্বভাৰতীয় সভানেত্ৰী তথা প্ৰাক্তন সাংসদ ড০ মালিনী ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদিকা মৰিয়ম ধাৱালে।

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ হৈ সভানেত্ৰী সবিতা লহকৰে প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত বুঢ়া আৰক্ষী থানাত ৩ মহিলাক নিৰ্যাতন চলোৱা ঘটনাকো তীব্ৰ গৰিহণা দিয়াৰ লগতে সংগঠনটোৱে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী তোলে। আনহাতে বৰ্তমান সময়ত বৃদ্ধি পোৱা নাৰী নিৰ্যাতন ঘটনাত ক্ষোভ ব্যক্ত কৰি এনে ঘটনাৰ বিৰুদ্ধে সকলো শ্ৰেণীৰ ৰাইজক সজাগ কৰিবলৈ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে সদায় কাম কৰি যাব বুলিও বিজ্ঞপ্তিত উল্লেখ কৰে সবিতা লহকৰে।

উল্লেখ্য যে, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে দেশৰ লগতে অসমতো নাৰীৰ অধিকাৰ, ন্যায় প্ৰাপ্তিৰ দাবীত আৰু অন্যায়, উৎপীড়ন, হত্যা-হিংসা, ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে যুঁজ দি আহিছে। যৌতুক প্ৰথা, শিশু নিৰ্যাতন, গাৰ্হস্থ্য হিংসা, ডাইনী সজাই মহিলা হত্যা আদিৰ বিৰুদ্ধেও নিৰলসভাৱে সংগ্ৰাম কৰি আহিছে। মহিলাৰ ববে সংসদ আৰু বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষণৰ দাবীতো সমিতিয়ে ধাৰাবাহিক আন্দোলন চলাই আহিছে।

নাৰী নিৰ্যাতন আৰু অপৰাধমূলক কাম কাজৰ বিৰুদ্ধে ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস অহৰহ চলাই থকা নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ অসম শাখাই ৰঙিয়াত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক সন্মিলনত সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰে।