অসম

সম্পত্তিৰ লোভত সোণাৰিত ভতিজাকে হত্যা কৰি বাৰী পিছত পুতি থলে বৰদেউতাকক

asomiyapratidin

ডিজিটেল সংবাদ, সোণাৰিঃ এক নৃশংস হত্যাকাণ্ডই কঁপাই গ'ল সোণাাৰিৰ খামলুং পাত দলং। সম্পত্তিৰ লোভত নিজৰ ভতিজাকে বৰদেউতাকক হত্যা কৰি বাৰীৰ পাছত পুতি থোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত। জানিব পৰা মতে, সোণাৰিৰ খামলুং পাত দলঙত একেলগে বাস কৰিছিল বৰদেউতাক চুনু মাল আৰু ভতিজাক ৰাজু মাল।

যোৱা ২৮ ডিচেম্বৰৰ পৰা চুনু মালক স্থানীয় ৰাইজে ঘৰত নেদেখি ভতিজাক ৰাজু মালক তেওঁৰ বিষয়ে সোধপোছ কৰে যদিও বৰদেউতাক ঘৰত নথকা সন্দৰ্ভত কোনো সঠিক উত্তৰ দিয়া নাছিল ৰাজুৱে। ইফালে দেওবাৰে ওচৰ চুবুৰীয়াই ৰাজু মালৰ ঘৰৰ পিছফালে এক প্ৰকাণ্ড গাঁত দেখি সন্দেহ ওপজাত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে।

ইয়াৰ পিছতে ঘটনাস্থলীত সোণাৰি আৰক্ষী উপস্থিত হৈ গাঁতটোৰ পৰা চুনু মালৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অভিযুক্ত ৰাজু মালৰ সন্ধান আৰম্ভ কৰিছে যদিও এইমুহূৰ্তলৈ অভিযুক্ত ৰাজু মাল পলাতক হৈ আছে।