অসম

এন আই এৰ আদালতলৈ হস্তান্তৰ মহানগৰীৰ জু-ৰোড বোমা বিস্ফোৰণৰ ৭ অভিযুক্তক…

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীত সংঘটিত জু-ৰোডৰ বিস্ফোৰণকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া বৃহস্পতিবাৰে আদালতৰ পৰা এন আই এৰ আদালতত হস্তান্তৰ কৰা হয়। প্ৰথমবাৰৰ বাবে এন আই এৰ আদালতত বিস্ফোৰণৰ ৭গৰাকী অভিযুক্ত হাজিৰ।এই অভিযুক্ত কেইগৰাকীৰ এজনকো এন আই এ নিজৰ জিম্মাত নাৰাখে আৰু ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

বৃহস্পতিবাৰে আদালতত হাজিৰ কৰা অভিযুক্ত কেইজন ক্ৰমে- প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়া, বিজয় অসম, অমৃত বল্লভ গোস্বামী, চিন্ময় লহকৰ, প্ৰকাশ ৰাজকোঁৱৰ আৰু সঞ্জীৱ তালুকদাৰ। ইফালে বিস্ফোৰণৰ তদন্তৰ সন্দৰ্ভত আদালতত বৃহস্পতিবাৰে অভিযুক্ত প্ৰাণময় ৰাজগুৰুই সাংবাদিকক কয় – "বৈপ্লৱিক পৰিবৰ্তনত সাংবাদিকতাৰ প্ৰয়োজন । গতিকে আপোনালোকে ৰজাঘৰীয়া হৈ সাংবাদিকতা কৰে নে ৰাইজৰ হৈ কৰে সেয়া তদন্তত নিৰ্ভৰ কৰিব। তদন্ত প্ৰক্ৰিয়া চলি আছে। আমি দোষী নহয়। "

আনহাতে তদন্তৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মুখ নুখুলিলে আনগৰাকী অভিযুক্ত তথা অভিনেত্ৰী জাহ্নৱী শইকীয়াই। তদুপৰি নিৰ্দোষী মানুহক বিস্ফোৰণ কাণ্ডত দোষী সজোৱা হৈছে যিহেতু উচিত তদন্ত বিচাৰো বুলি একেদৰে ভাষ্য আগবঢ়ায় আনগৰাকী অভিযুক্ত অমৃত বল্লভ গোস্বামীয়ে।

উল্লেখ্য যে ১৫ মে'ত মহানগৰীৰ জু-ৰোডৰ চেন্ট্ৰেল মলৰ সন্মুখত সন্ধিয়া এক বোমা বিস্ফোৰণ সংঘটিত হৈছিল। এই বিস্ফোৰণ কাণ্ডত মহানগৰ আৰক্ষীয়ে অভিযান চলাই পাঞ্জাবাৰীৰ এটা ভাড়াঘৰৰ পৰা বিস্ফোৰণ কাণ্ড সংঘটিত কৰিছিল বুলি তদন্তত আটক কৰে আলফা নেতা প্ৰাণময় ৰাজগুৰুৰ লগতে অসমীয়া ছবিজগতৰ অভিনেত্ৰী জাহ্নৱী শইকীয়াক।