অসম

আলফা স্বাধীনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ প্ৰথমটো ৰায়দান নিয়াৰ আদালতৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ আলফা স্বাধীনৰ সদস্যৰ বিৰুদ্ধে নিয়াই ৰুজু কৰা গোচৰৰ প্ৰথমটো ৰায়দান দিলে বুধবাৰে। এই গোচৰত আলফা স্বাধীনৰ সদস্য গগন হাজৰিকাক নিয়াৰ আদালতে ৬ বছৰৰ কাৰাদণ্ড বিহে। ২০১৭ চনত গগন হাজৰিকাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। ধনদাবী আৰু ৰাষ্ট্ৰযন্ত্ৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচাৰ অভিযোগত এই গোচৰত পৰেশ বৰুৱা আৰু অভিজিত অসমৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছিল।

নিয়ায়ে আলফা স্বাধীনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ প্ৰথমটো ৰায়দানত অবৈধ মৰাণাস্ত্ৰ সৰবৰাহ কৰাৰ অপৰাধতো অভিযুক্ত কৰিছিল আলফা স্বাধীনৰ সদস্যগৰাকীক। ৬ বছৰ কাৰাদণ্ড বিহাৰ লগতে ১৫ হাজাৰ টকা জৰিমণা বিহিছে নিয়াৰ বিশেষ আদালতে।